/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/4fd2828d-5e0d-47a7-9fb1-16b510aef0d5.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপিৰ কৃষক মৰ্চাৰ এখন সংবাদমেল। এই সংবাদমেলখনত কৃষক মৰ্চাই পঞ্চায়ত নিৰ্বাচনৰ পিছত গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ বিষয়ে সদৰি কৰে।
সংবাদমেলত তেওঁলোকে শীঘ্ৰেই বুনিয়াদ নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ২০২২চনত কৃষক সকলৰ আয় বৰ্তমানতকৈ দুগুণ বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে সংবাদমেলখনত। কৃষকৰ অৰ্থনৈতিক তথা সামাজিক সুৰক্ষাৰ পোষকতাও কৰে কৃষক মৰ্চাই।
খেতিয়কসকলক উত্পাদন কৰা শস্যৰ উচিত মূল্য প্ৰদান কৰাৰ বিষয়তো গুৰুত্ব প্ৰদান কৰে তেওঁলোকে। সংবাদমেলখনত কৃষক মুক্তি সংগ্ৰাম সমিটিৰ সভাপতি অখিল গগৈক সমালোচনা কৰে কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি সত্যৰঞ্জন বৰাই।