মিত্ৰতাৰ মূল্য! বিজেপিয়ে অগপক দিলে ৩ সংসদীয় সমষ্টি, ৰাজ্যসভাৰ ১খন আসনৰ প্ৰতিশ্ৰুতি

মিত্ৰতাৰ মূল্য! বিজেপিয়ে অগপক দিলে ৩ সংসদীয় সমষ্টি, ৰাজ্যসভাৰ ১খন আসনৰ প্ৰতিশ্ৰুতি
  • লোকসভা নিৰ্বাচনত অসমৰ পৰা তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই।
  • বিজেপিৰে মিত্ৰতাৰ পাছত এই তিনি আসন অগপক এৰি দিলে বিজেপিয়ে।
  • দিল্লীত দুই দলৰ নেতৃত্বৰ মাজত হোৱা আলোচনাত চূড়ান্ত হ'ল এই ভাগ-বতৰা।
  • কলিয়াবৰ, ধুবুৰী আৰু বৰপেটা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অগপ প্ৰাৰ্থীয়ে।
  • ৰাজ্যসভাৰ জুনত খালী হ'ব লগা দুখন আসনৰ এখন লাভ কৰিব অগপই।
  • অমিত শ্বাহৰ সৈতে অগপ নেতৃত্বৰ শনিবাৰে হৈছিল বৈঠক।
  • সেই বৈঠকতে চূড়ান্ত কৰা হয় এই কথা।
  • বৈঠকৰ অন্তত অগপ সভাপতি অতুল বৰাই নতুন দিল্লীৰ সংবাদমাধ্যমক জনালে এই বিষয়ে।
  • আন ১০খন আসনত বিজেপি প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা।
  • কোকৰাঝাৰ আসনখন ইতিমধ্যে এৰি দিছে বিপিএফক।
  • প্ৰমীলাৰাণী ব্ৰহ্ম হ'ব কোকৰাঝাৰ সংসদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in