স্বামীৰ বাটেৰে বাট বুলি বিজেপিত যোগদান অসমৰ অভিনেত্ৰীৰ

স্বামীৰ বাটেৰে বাট বুলি বিজেপিত যোগদান অসমৰ অভিনেত্ৰীৰ

author-image
asomiyapratidin
New Update
পশ্চিম কাৰ্বি আংলং বিজেপিত ব্যাপক খহনীয়া…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপিৰ নতুন সদস্য ৪০ লাখ ভৰ্তি হোৱাৰ পিছত এইবাৰ ৬৫ লাখ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰি গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় পথ পৰিৱহন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড৹ ভি কে সিঙে। বুধবাৰে মহানগৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান তথা মত-বিনিময় কাৰ্যসূচীত বক্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। দেশ আৰু দলৰ স্বাৰ্থক উৰ্ধত ৰাখি বিজেপি দলৰ স্থিতি সদায় অটুট থকাৰ উপৰিও বিকল্প ৰাজনৈতিক দল নাই বুলি দৃঢ়তা প্ৰকাশ কৰি একেলগে মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে।

Advertisment

দলীয় নীতি নিয়ম তথা অনুশাসন আদি নতুন দলৰ সদস্য সকলে মানি চলিবলৈ তেওঁ আহ্বান জনায়। ৰাজ্যৰ বাট-পথৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে এইবাৰ আকাশ মাৰ্গেৰে নহয়, ৰাষ্ট্ৰীয় ঘাইপথেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ইটানগৰলৈ যাত্ৰা কৰিব।

ইফালে এই সদস্য ভৰ্তি অনুষ্ঠানত অভিনেত্ৰী মৈত্ৰী প্ৰিয়দৰ্শনী শৰ্মা, উদয় শংকৰ হাজৰিকাকে ধৰি কেইবাগৰাকীও অভিনেতাৰ লগতে কোচঁ-ৰাজবংশী উন্নয়ন পৰিষদ, তাই আহোম উন্নয়ন পৰিষদ, গোৰ্খা উন্নয়ন পৰিষদ, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা মনোজ দাসৰ উপৰিও নাথ উন্নয়ন পৰিষদ, অনুসূচীত উন্নয়ন পৰিষদ আদি অধ্যক্ষৰ নেতৃত্বত কেইবাগৰাকীও সদস্য বিজেপি দলত যোগদান কৰে।