বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত কেনে ৰূপত দেখা গ’ল মন্ত্ৰী হিমন্তক…

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত কেনে ৰূপত দেখা গ’ল মন্ত্ৰী হিমন্তক…

ডিজিটেল ডেস্কঃ দিল্লীত অসমৰ বিজেপি প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰিবৰ বাবে শনিবাৰৰ সন্ধিয়া অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় নিৰ্বচনী সমিতিৰ বৈঠক। অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকাও এই বৈঠকতে চূড়ান্ত কৰি মোহৰ মাৰিলে বিজেপি শীৰ্ষ নেতৃত্বই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি অধ্যক্ষ অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত ৰাম মাধৱ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু উপস্থিত আছিল।

নেডাৰ আহ্বায়ক হিচাপে এই বৈঠকত উপস্থিত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু বৈঠকত  উপস্থিত থকা সময়ত প্ৰাৰ্থিত্ব কেন্দ্ৰীয় শেহতীয়া ৰাজনৈতিক পত পৰিৱৰ্তনৰ পাছত সহজভাৱে বৈঠকত অংশ লোৱা পৰিলক্ষিত নহ'ল মন্ত্ৰীগৰাকীক। লক্ষণীয় যে, অমিত শ্বাহে ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেজপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সলনি উত্তৰ-পূবৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব ল'বলৈ নিৰ্দেশ দিছে।

সেই পৰিপ্ৰেক্ষিতত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতো প্ৰায় অনিশ্চিত। তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে বহুখিনি আগবাঢ়িছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শীৰ্ষ নেতৃত্বৰ এই নিৰ্দেশৰ পাছতেই মুখ খুলি প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলেও, ভিতৰি যে মন্ত্ৰী গৰাকী ভীষণ অশ্বস্তিত পৰিছে সেই কথা তেওঁৰ চেহেৰাৰ পৰাই পৰিস্ফূত হৈছে।

ইফালে, তেজপুৰ সমষ্টিত কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়াও এতিয়াও নিশ্চিত হোৱা নাই। প্ৰথমতে এম জি ভি কে ভানুৰ নাম চৰ্চালৈ আহিছিল যদিও, তাৰ পাছতেই এই সমষ্টিটোৰ পৰা কংগ্ৰেছে টংকবাহাদুৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদানৰ কুচকাৱাজ চলাইছে। আনহাতে, আৰ পি শৰ্মাই বিজেপি এৰাৰ পাছত সেই সমষ্টিটোত কংগ্ৰেছেও প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত নতুন ৰণনীতি তৈয়াৰ কৰিছে।

প্ৰাৰ্থিত্বক লৈ এই জটিলতা সৃষ্টি হোৱাৰ পাছতেই নতুন দিল্লীত বাহৰ পাতি থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত ভাগ লোৱাৰ পূৰ্বে ৰাম মাধৱৰ সৈতেও আলোচনাত মিলিত হয়। নিৰ্বাচনী সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল। হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসো এই বৈঠকত উপস্থিত আছিল।

অসমৰ বিজেপিৰ প্ৰাৰ্থীক লৈ আলোচনা হোৱাৰ পাছতেই উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ প্ৰাৰ্থিত্বক লৈ এই বৈঠকত আলোচনা হোৱা কালত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেডাৰ আহ্বায়ক হিচাপে বৈঠকত অংশ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in