নিৰ্বাচনী কমিটীৰ বৈঠকৰ অন্তত বিজেপিয়ে প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা…

নিৰ্বাচনী কমিটীৰ বৈঠকৰ অন্তত বিজেপিয়ে প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থীৰ তালিকা…
  • কিছু সময় পাছতেই প্ৰকাশ পাব লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।
  • নতুন দিল্লীত অনুষ্ঠিত হৈ আছে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • এই বৈঠকৰ পাছতেই প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বিজেপিয়ে।
  • বৈঠকত উপস্থিত আছে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে কেবাগৰাকীও জ্যেষ্ঠ নেতা।
  • উত্তৰপ্ৰদেশৰ প্ৰাৰ্থীৰ সন্দৰ্ভত আজি নহয় সিদ্ধান্ত।
  • দেওবাৰে অনুষ্ঠিত হ'ব উত্তৰপ্ৰদেশৰ বিজেপি কৰ্মকৰ্তাৰ সৈতে অমিত শ্বাহৰ বৈঠক।
  • ১৮ মাৰ্চত বিজেপিৰ নিৰ্বাচন সমিতিৰ দ্বিতীয়খন বৈঠক।
  • বৈঠকতেই চূড়ান্ত কৰা হ'ব উত্তৰপ্ৰদেশৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা।
  • শনিবাৰৰ বৈঠকত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো।
  • প্ৰথমখন তালিকাত থাকিব ১০০টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in