/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/bjp-press-meet-santnau-facewa.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰস্তুতি তুংগত বিজেপি দলৰ। নিৰ্বাচনৰ কেন্দ্ৰ কৰি দেওবাৰে বিজেপিয়ে এখন প্ৰেছ বিজ্ঞপ্তি প্ৰচাৰ কৰে য'ত দলটোৰ অধ্যক্ষ অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ বাবে কেবাখনো কমিটী গঠন কৰাৰ কথা ঘোষণা কৰিছে।
দলটোৰ ইস্তাহাৰ কমিটীৰ অধ্যক্ষ ৰূপত থাকিব ৰাজনাথ সিং। ২০জন সদস্যৰে গঠিত এই কমিটীত আছে অৰুণ জেটলী, নিৰ্মলা সীতাৰমন, ৰবিশংকৰ প্ৰসাদ, পীয়ুষ গোৱেল, ৰাম মাধৱ, সুশীল মোডী, কিৰণ ৰিজিজুকে ধৰি ২০গৰাকী শীৰ্ষ নেতা। ইফালে, লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সমিতিৰ দায়িত্বত থাকিব মন্ত্ৰী অৰুণ জেটলী। এই সমিতিত মুঠ ৮জন সদস্য আছে। সামাজিক স্বেচ্ছাসেৱী সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষাৰ বাবে ১৪জনীয়া এখন সমিতি গঠন কৰি দিছে অমিত শ্বাহে। উক্ত সমিতিত নীতিন গাদকাৰী, সদানন্দ গৌৰাকে ধৰি কেবাজনো বিজেপিৰ জ্যেষ্ঠ নেতাক দায়িত্ব দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/bd925c04-cc1a-40e8-9d4b-f2f631c89844.jpg)
২০১৯চনৰ লোকসভাৰ সাহিত্য নিৰ্মাণ সমিতি সুষমা স্বৰাজ, প্ৰভাত ঝাহ, মহেশ শৰ্মা, আৰ বালাশংকৰকে ধৰি ১২জন বিজেপিৰ জ্যেষ্ঠ নেতাৰ গঠিত হ'ব। সংবাদমাধ্যমৰ সৈতে যোগাযোগ ৰক্ষাৰ্থে ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বত ১৩জনীয়া আন এখন সমিতিও গঠন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/62ade5bd-c9d5-4505-91d6-31ee109f247b.jpg)
প্ৰচাৰৰ বাবে গঠন কৰা হৈছে ৫জনীয়া এখন সমিতি। এইবাৰ লোকসভা নিৰ্বাচনত ২০১৪চনৰ নিৰ্বাচনৰ দৰেই ছ'চিয়েল মিডিয়াকো বিশেষ গুৰুত্ব দিছে বিজেপিয়ে। ছ'চিয়েল মিডিয়াৰ বাবেও ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আন এখন সমিতি গঠন কৰি দিছে। শ্যাম জাজুৰ নেতৃত্বত গঠিত এই সমিতিত আছে ১৩জন বিজেপি নেতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/santanu-f162f8c1-f65e-4c0e-ad2f-c9dafe260b16.jpg)
লক্ষণীয় যে, সোমবাৰে ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ সমিতিসমূহৰ ভিতৰত দলটোৰ ছ'চিয়েল মিডিয়া সমিতিক অসমৰ পৰা শান্তনু কলিতাক স্থান দিয়া হৈছে। কলিতাই সমগ্ৰ উত্তৰ-পূবৰ ছ'চিয়েল মিডিয়া চোৱাচিতা কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/6566f6bc-6f2a-4068-bbc0-dfdee98b6347.jpg)