অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহৰ সফল সামৰণি

অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহৰ সফল সামৰণি

author-image
asomiyapratidin
New Update
অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহৰ সফল সামৰণি

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ বৰ্ণিল বিশ্ববিদ্যালয় সপ্তাহ শুকুৰবাৰে নিশা সামৰণি পৰে। জয়সাগৰত অৱস্থিত শিক্ষানুষ্ঠানখনৰ বিশ্ববিদ্যালয় সপ্তাহৰ শেষৰ দুদিন শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় কেইবাটাও বিশেষ অনুষ্ঠান।

আৰগুকম ফেষ্ট, ২০১৯ৰ অংশ স্বৰূপে নাট্য মন্দিৰত নৃত্য, সৌন্দৰ্য আৰু গীতৰ বিভিন্ন প্ৰতিযোগিতাৰ লগতে শিৱসাগৰৰ দহখন শিক্ষানুষ্ঠানৰ মাজত অনুষ্ঠিত হয় মনোজ্ঞ কুইজ প্ৰতিযোগিতা। শুকুৰবাৰে অনুষ্ঠানত জিলা উপায়ুক্ত ডা০ লক্ষ্মনণ এছ আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।