বিশ্বনাথৰ এখন বিদ্যালয়ত আজি দুমাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

বিশ্বনাথৰ এখন বিদ্যালয়ত আজি দুমাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী দিৰিং উচ্চ ইংৰাজী বিদ্যালয়ত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি আৰু প্ৰধান শিক্ষকৰ মত-ভেদৰ বাবেই মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত শ শ কণ কণ ছাত্ৰ-ছাত্ৰী ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক-অভিভাৱিকা সকলে অভিযোগ উত্থাপন কৰিব লগা হৈছে ৷

ইফালে,প্ৰধান শিক্ষকজনে জনোৱা অনুসৰি বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জনৈক জয়ন্ত শইকীয়া আৰু সদস্য সকলে কোনো ধৰণৰ আলোচনা নকৰাকৈ আজি পৰ্যন্ত প্ৰধান শিক্ষক জনক মধ্যাহ্ন ভোজনৰ বাবে কোনো দ্বায়িত্ব অৰ্পণ নকৰাৰ বাবেই আজি দুমাহ পৰ্যন্ত মধ্যাহ্ন ভোজন দিব পৰা নাই ছাত্ৰ-ছাত্ৰী সকলক ৷ যাৰ ফলত বস্তাই বস্তাই গুদামতে পচিবলৈ ধৰিছে মধ্যাহ্ন ভোজনৰ চাউল ৷

ইফালে, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি আৰু প্ৰধান শিক্ষকৰ এনে মত পাৰ্থক্যৰ বাবে একত্ৰীকৰণ কৰা ওচৰতে থকা আনখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সহিতে প্ৰায় আঠ/ ন শ ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'ব লগা হৈছে ৷কিন্তু কাণসাৰ নাই শিক্ষাবিভাগৰ কোনো বিষয়া-কৰ্মচাৰীৰ ৷ফলত দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে ঘটনাই উদঙাইছে বিদ্যালয়খনৰ ভিতৰচ'ৰাত সংঘটিত হৈ থকা সংঘাতৰ কথা ৷

বিশ্বনাথৰ এখন বিদ্যালয়ত আজি দুমাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী
২৮ সপ্তাহৰ গৰ্ভৱতী মহিলাক গৰ্ভপাতৰ অনুমতিঃ ধৰ্ষণ পীড়িতাক লৈ উচ্চতম ন্য়ায়ালয়ৰ বিশেষ শুনানি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in