/asomiyapratidin/media/media_files/2025/11/18/helksss-2025-11-18-20-33-56.jpg)
ডিজিটেল সংবাদ,গহপুৰ: বিভিন্ন চুৰি কাৰ্য্যৰ বিৰুদ্ধে চলোৱা আন এক অভিযানত সফলতা লাভ কৰিছে বিশ্বনাথ জিলাৰ হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাই।উল্লেখযোগ্য যে-গহপুৰ সমজিলাৰ অন্তৰ্গত বালিজানৰ পৰা যোৱা নিশা প্ৰায় ১২-৩০ বজাত দুখন ই-ৰিক্সা চুৰি হোৱা বুলি খবৰ লাভ কৰে হেলেম আৰক্ষীয়ে।উক্ত খবৰৰ ভিত্তিত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত নিশাই চলোৱা হয় অভিযান।
উক্ত অভিযানত ভোলাগুৰিৰ সমীপত পথৰ দাঁতিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় ই-ৰিক্সা দুখন।পিছত অনুসন্ধান কৰি গম পোৱা যায় যে চুৰি চক্ৰটোৱে ই ৰিক্সা দুখনৰ বেটাৰী কেইটা খুলি লৈ যোৱাৰ লগতে ই ৰিক্সা দুখন উক্ত স্থানত এৰি থৈ যায়।ইয়াৰ পিছত উক্ত ই ৰিক্সাৰ বেটাৰী চুৰীৰ বিৰুদ্ধে আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত চলোৱা হয় এক অভিযান।উক্ত অভিযানত ঘটনাস্থলীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৰ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালোডোংগাৰ পৰা আজি বিয়লি উদ্ধাৰ হয় চুৰি হোৱা ই ৰিক্সাৰ বেটাৰী কেইটা।
আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত যোৱা হেলেম আৰক্ষীৰ দললটোৱে বালোডোংগাৰ ৰাজা আহমেদ(পিতা:-আবু হানিফ)ৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ই ৰিক্সাৰ ৭ টা বেটাৰী।আৰক্ষীৰ আগমনৰ উমান পাই বেটাৰী চোৰ ৰাজা আহমেদে পলায়ন কৰে যদিও তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে হেলেম আৰক্ষীয়ে।পলাতক ৰাজা আহমেদ গভাইত চোৰ বুলি জানিব পৰা গৈছে।পূৰ্বতেও বিভিন্ন চুৰি কাৰ্য্যৰ লগত জড়িত ৰাজা আহমেদ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us