/asomiyapratidin/media/media_files/2026/02/12/bidd-2026-02-12-10-43-10.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলাৰ নৃত্য আৰু সংগীতৰ ক্ষেত্ৰত এক ন-সংযোজন।বিশ্বনাথ নগৰৰ কলেজ ৰোডত আজি আনুষ্ঠানিক ভাবে মুকলি হল বিশ্বনাথ কলা নিকেতন।উদ্বোধক হিচাপে বিশ্বনাথৰ সুচিকিৎসক ডা০ অমল শইকীয়া আৰু জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজাৰিকাই ফিটা কাটি আনুষ্ঠানিক ভাবে মুকলি কৰে এই অনুষ্ঠানৰ।
বিশ্বনাথত এক নতুন পৰিকল্পনা লৈ নৃত্য আৰু সংগীত শিক্ষাৰ ক্ষেত্ৰত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ আৰু প্ৰতি বছৰৰ অন্তৰে অন্তৰে অসমৰ প্ৰখ্যাত সংগীত শিল্পী,নৃত্য শীল্পীৰ দ্বাৰা বিশেষ প্ৰশিক্ষনৰ চিন্তা চৰ্চা কৰিছে উক্ত কলা নিকেতনত।আনহাতে উক্ত নিকেতনৰ স্থায়ী সংগীত প্ৰশিক্ষক হিচাপে থাকিব শিল্পী পেঞ্চন প্ৰাপক তথা সংগীতৰ ক্ষেত্ৰত কেইবাটাও ৰাজ্যিক বঁটা প্ৰাপক তেজপুৰৰ শিল্পী কামাল ৰচিদ আহমেদৰ লগতে কন্ঠ শিল্পী নাহিদ আফ্ৰিনৰ গুৰু দিবাকৰ বৰা।
একেদৰে নৃত্য তথা সত্ৰিয়া নৃত্য,ভাৰত নাট্যম,সৃষ্টিশীল নৃত্য,আধুনিক নৃত্য আৰু হিপ-হপ ডাঞ্চৰ প্ৰশিক্ষক হিচাপে এই কলা নিকেতন প্ৰশিক্ষন প্ৰদান কৰিব শ্ৰীমন্ত শংকৰ সংঘৰ মূলসূটিৰ ভবেন বৰা বাপৰ লগতে গুৱাহাটীৰ দুৰদৰ্শন কেন্দ্ৰৰ সত্ৰীয়া নৃত্যৰ বি গ্ৰেড আৰ্টিচ স্বীকৃত তথা বৰপেটাৰ শিল্পী শ্ৰীমতি গীতিমা পাঠক।ইয়াৰ উপৰিও ভাৰত নাট্যমৰ প্ৰশিক্ষক হিচাপে উক্ত কলা নিকেতনত প্ৰশিক্ষন প্ৰদান কৰিব পল্লবীতা দাস হাজৰিকাই।এই কলা নিকেতন পৰিচালনা কৰিব জুনমনি বেগমে।
আজি এই সকল শিল্পী তথা প্ৰশিক্ষকৰ উপস্হিতিত আৰু বিশ্বনাথৰ বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাবক অভিভাবিকাৰ উপস্হিতিত উক্ত কলা নিকেতন আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰে।অনাগত দিনত নৃত্য আৰু সংগীত শিক্ষাৰ ক্ষেত্ৰত বিশ্বনাথ কলা নিকেতনে এক সুকিয়া স্থানত লাভ কৰিব বুলি আশা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us