/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/ddamrdnews-AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত বিশ্বনাথৰ বাঘমাৰিৰ চাহ বাগিচাৰ ৫ নং লাইনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা। লগতে আৰক্ষীয়ে জব্দ কৰিছে নগদ ৩,১১,১৮০ টকা। সোমবাৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু ডি এছ পি জয়ন্ত বৰুৱাৰ নেতৃত্বত জিনজিয়া আৰক্ষী থানাৰ দলে ৩০ নং অৰ্ধ সামৰিক বাহিনীৰ সহযোগত বিশ্বনাথৰ বাঘমাৰি চাহ বাগিচাৰ ৫ নং লাইনৰ মালতী তাতী নামৰ মহিলা গৰাকীৰ ঘৰত গোপন সূত্ৰৰ পমখেদি অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈ বৃহৎ পৰিমানৰ ধণ সহ এই গাঞ্জাখিনি।
উল্লেখ্য যে, মহিলা গৰাকীৰ ঘৰত বহু দিনৰ পৰাই অবৈধ গাঞ্জাৰ ব্যবসায়ী চলাই আহিছিল। অৱশেষত সোমবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলটোৱে এই অবৈধ গাঞ্জা ব্যবসায়ীৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জাখিনি জব্দ কৰাত স্থানীয় ৰাইজ শ্বস্তিৰ নিশ্বাস লয়। আনহাতে অভিযানকাৰী আৰক্ষীৰ দলটোয়ে অবৈধ গাঞ্জা মজুত থকা মালতী তাতী নামৰ মহিলাগৰাকীকো সোধা-পোছাৰ বাবে আটক কৰে।