বিশ্বনাথ নগৰৰ মাজমজিয়াত মুকলিকৈ ড্ৰাগছ সেৱন যুৱকৰ...

বিশ্বনাথ নগৰৰ মাজমজিয়াত মুকলিকৈ ড্ৰাগছ সেৱন যুৱকৰ...

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত নিচাসক্ত যুৱকৰ সংখ্যা পুনৰ বৃদ্ধি পাব ধৰিছে। আনকি বৰ্তমান এনে পৰ্যায় পাইছেগৈ যে নিচাসক্ত যুৱকে মুকলিকৈ ড্ৰাগছ সেৱন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ব লগা হৈছে।

উল্লেখ যে মঙলবাৰে বিশ্বনাথৰ কোচগাঁও ৰোডৰ গেছ এজেঞ্চিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুকলিকৈ দিনৰ পোহৰতে এটা পলিথিনত ড্ৰাগছ সেৱন কৰি থকা প্ৰতক্ষ্য কৰে এজন সাংবাদিকে। সংবাদিক গৰাকীয়ে লগে লগে ড্ৰাগছ সেৱন কৰি থকা যুৱক জনক কি সেৱন কৰি আছে বুলি প্ৰশ্ন কৰাত যুৱকজনে ড্ৰাগছ সেৱন কৰি থকা বুলি স্পষ্টকৈ কয়। তাৰপাছতে তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে।

সাংবাদিক গৰাকীয়ে সমস্ত ঘটনা বিশ্বনাথ আৰক্ষীক জানিবলৈ দিয়ে।লগে লগে বিশ্বনাথ আৰক্ষীৰ এটা দলে তৎপৰতাৰে অসক্ত যুৱকজনে সেই স্থানলৈ আহি দেখা পাই যে যুৱকজন সেই স্থানতে আছে। আৰক্ষীৰ দলটোয়ে আসক্ত যুৱকজনৰ পকেট তালাচী কৰাত যুৱকজনৰ পকেটৰ পৰা কেইবাটাও ডেনড্ৰাডৰ পেকেট উদ্ধাৰ কৰি যুৱকজনক বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ লৈ যোৱাৰ চেষ্টা কৰে।

কিন্তু আসক্ত যুৱকজন কোনো কাৰণতে আৰক্ষী থানালৈ নাযায়। আৰক্ষীৰ দলটোৰ সৈতে হাতাহতিত লিপ্ত হয় আসক্ত যুৱকজন। অবশেষত আৰক্ষীয়ে আসক্ত যুৱকজনক মটৰ চাইকেলত বহুৱাই থানাৰ দিশে ৰাওনা হয়। আৰক্ষীয়ে থানা পোৱাৰ পূৰ্বেই আৰক্ষীৰ চলন্ত মটৰ চাইকেলৰ পৰা জপিয়াই পলায়ন কৰে আসক্ত যুৱকজনে।

চলন্ত মটৰ চাইকেলৰ পৰা আসক্ত যুবকজন পলায়ন কৰোতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰক্ষীৰ মটৰ চাইকেলখন।ফলত মটৰ চাইকেল চলোৱা আৰক্ষীৰ জোৱান এজনৰো সৌভাগ্যক্ৰমে উক্ত দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰে যদিও কিছু আঘাত প্ৰাপ্ত হয় আৰক্ষী জোৱান গৰাকী।

আনফালে আসক্ত যুৱকজন যুৱকজনক কৌশলপূৰ্ণ ভাৱে আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। এক প্ৰকাৰ উন্মাদ- প্ৰায় নিচাসক্ত যুৱকজনক ফাৰুক আলি বুলি চিনাক্ত কৰা হৈছে।

দৰাচলতে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথতো এনে বিসাক্ত নিচা জাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত হৈ বহু যুৱকে বিগত সময়ত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অতিৰিক্ত সুৰা সেৱন,মাৰাত্মক ড্ৰাগছ,হিৰইন ইত্যাদিৰ দৰেও নিচাৰ প্ৰতি বৰ্তমান বহু যুবক ধ্বংসৰ দিশলৈ গতি কৰিছে।আৰক্ষী প্ৰশাসনে যদিহে এই কলা সাম্ৰাজ্য অতি শীঘ্ৰে ধংস নকৰে,তেনেহ'লে অনাগত সময়ত আৰু বহু যুৱক আমাৰ মাজৰ পৰা চিৰ দিনৰ বাবে হেৰাই যোৱাতো নিশ্চিত।

বিশ্বনাথ নগৰৰ মাজমজিয়াত মুকলিকৈ ড্ৰাগছ সেৱন যুৱকৰ...
আলহী খাবলৈ ভিনিহিয়েকৰ ঘৰৰ পৰা চুৰি কৰি নিলে স্কুটী...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in