বিশ্বনাথত হাতে হাতে ধনু-কাৰ লৈ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও আছাৰ, VIDEO

বিশ্বনাথত হাতে হাতে ধনু-কাৰ লৈ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও আছাৰ, VIDEO

author-image
asomiyapratidin
New Update
বিশ্বনাথত হাতে হাতে ধনু-কাৰ লৈ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও আছাৰ, VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত মঙলবাৰে আছাৰ বৃহৎ প্ৰতিবাদ। জনজাতিকৰণৰ দাবীত ২০০৭ চনত গুৱাহাটীতৰ বেলটলা কাণ্ডত নিৰ্যাতিত হোৱা লক্ষ্মী ওৰাঙৰ নেতৃত্বত মঙলবাৰে পুনৰ বিশ্বনাথৰ ৰাজপথ তথা বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যলয় কঁপালে সহস্ৰাধিক আছাৰ প্ৰতিবাদকাৰীয়ে।

Advertisment

লক্ষ্মী ওৰাঙৰ নেতৃত্বত হাতে হাতে ধনু-কাৰ লৈ বিশ্বনাথৰ কুৱঁৰী গাঁৱৰ পৰা প্ৰায় তিনি সহস্ৰাধিক লোকে সমদল কৰি আহি বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰী সকলে। অসম চৰকাৰ হুছিয়াৰ,অসম চৰকাৰ মূৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব ইত্যাদি শ্ল'গান প্ৰদৰ্শন কৰি বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে।

এই প্ৰতিবাদৰ জড়িয়তে প্ৰতিবাদকাৰী সকলে দাবী জনাই যে- যিকোনো প্ৰকাৰে জনজাতিকৰণ চৰকাৰে আমাক দিবই লাগিব, লক্ষ্মী ওৰাঙক ন্যায় প্ৰদান কৰিবই লাগিব, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবই লাগিব, অন্যথা পৰিস্থিতি বেয়া হ'ব বুলি বিশ্বনাথ উপায়ুক্তৰ জড়িয়তে স্মাৰ্কপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে অসম চৰকাৰলৈ।