বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ পৰলোকপ্ৰাপ্তি

বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ পৰলোকপ্ৰাপ্তি

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ পৰলোকপ্ৰাপ্তি

User

ডিজিটেল ডেস্কঃ বিশিষ্ট ভাষাবিদ, পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগ। শনিবাৰে নিশা মহানগৰীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে ভাষাবিদগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল হাজৰিকা।

১৯৩৩চনৰ ৩১ জুলাইত গোলাঘাটৰ বাৰমুখীয়া গাঁৱত জন্মগ্রহণ কৰিছিল।বিশ্বেশ্বৰ হাজৰিকাই অসমৰ প্ৰসিদ্ধ সাহিত্যিক-পণ্ডিত ড০ বাণীকান্ত কাককিৰ গৱেষণামূলক গ্ৰন্থ  Assamese: Its Formation & Development- অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। অনূদিত গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ।

ইয়াৰোপৰি বিশ্বেশ্বৰ হাজৰিকাৰ বহুমূলীয়া গ্রন্থৰাজি-অসমীয়া-বড়ো-ৰাভা ত্রিভাষিক অভিধান, Assamese Language origin and Development, Caitanya's Impact on the Vaisnavism of Assam, অসমীয়া ভাষাৰ উৎ‍পত্তি আৰু ক্রমবিকাশ’, ‘চৰ্য্যাগীতিকোষ’ আদি।

বিশিষ্ট সাহিত্যাচাৰ্যগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ সাহিত্য জগতত।

Also Read: মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতাৰে আজি 'ইণ্ডিয়া'ৰ বিশাল ৰেলী

Biseswar Hazarika assamese literature