/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/face.jpg)
এজন চি আই এছ এফৰ জোৱান। বহুতৰ বাবে তেওঁ সৰু মানুহ। কামবোৰ তেওঁৰ ডাঙৰ। কি কৰে তেওঁ? মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।
আন এজন কৰ্ণ। মহাভাৰতৰ সেই কৰ্ণৰ দৰেই তেওঁ দানী। বিচাৰিলে তেওঁ দিব পাৰে মুক্তহস্তে দান। সমগ্ৰ দেশজুৰি তেওঁ বিলাইছে বস্ত্ৰ-অন্ন। উদ্দেশ্য তেওঁৰ একো নাই। মানুহৰ দুখ-দুৰ্দশাই তেওঁকো দুখ দিয়ে। সৰু ল'ৰা-ছোৱালী দেখিলেই তেওঁৰ হৃদয় পমি যায়। হাতত বন্দুক আৰু খাকী পোছাকযোৰ পিন্ধি কৰ্তব্য সম্পাদন কৰাৰ মাজতে সেইবোৰ কাম কৰি সুখৰ মাজত নিজক বিলাই দিয়ে।
কিয় এনে মহানুভৱতা? কি পাই তেওঁ এইবোৰৰ মাজত? সস্তীয়া প্ৰচাৰৰ বাবে এইবোৰ কৰে বুলি তেওঁক হঁহা মানুহো আছে। কোনে কি কৈছে, তালৈ তেওঁ মন নিদিয়ে। নিজৰ কামত থকা সন্তুষ্টি সেই সমালোচনাতকৈ ডাঙৰ। একো কৰিব নোৱাৰা মানুহবোৰে কেৱল সমালোচনাহে কৰে। ধনী মানুহ বহুত আছে। পাৰে জানো মুক্তহস্তে দান দিব? 'মোৰতো একোৱেই নাই, তথাপিও মই এনেধৰণৰ কাম কৰি ভাল পাও। দুখীয়া ল'ৰা-ছোৱালী, বৃদ্ধ-বৃদ্ধাক এনে সহায় কৰিবলৈ পালে কিমান ভাল লাগে সেয়া মই বুজাব নোৱাৰিম।'
মইতো সাধাৰণ চিপাহীহে। কিমাননো ধন আছে মোৰ? কেইটানো টকা পাওঁ মই? আজি দিনত মোৰ উপাৰ্জনৰ ধনেৰে এটা পৰিয়াল টানি-মুনি চলিবলৈও কম হয়। সেই কথা মই জানো। তথাপিও মই মোৰ দৰমহাৰ ১০ শতাংশৰ ধন কাৰোবাক সহায়ৰ বাবে প্ৰতিমাহে থৈ যাও। কিছুদিনৰ আগতে দৰং, ওদালগুৰি, কামৰূপ, বৰপেটা, নগাঁওকে ধৰি ১০খন জিলাত মই কাপোৰ বিলাইছিলো। প্ৰায় ১০০জন লোকক দিছিলো বস্ত্ৰ। তাৰ ভিতৰত সৰহ সংখ্যকেই আছিল শিশু।
শিৱসাগৰ অ' এন জি চিত কৰ্মৰত এজন চি আই এছ এফৰ জোৱানৰ স্বীকাৰোক্তি আছিল এয়া। আমি তেওঁক সুধি গৈছিলো ইটোৰ পাছত সিটো প্ৰশ্ন। তেওঁৰ কামবোৰে তেওঁক তুলি ধৰিছে। মানুহক সৰু-ডাঙৰ, ধন-সম্পত্তিৰে নিৰূপন কৰিব নোৱাৰি। এওঁ এজন তেনে মানুহ। চাকৰি সৰু হ'লেও কামবোৰ ডাঙৰ। মনটো বিশাল। সেয়েহে তেওঁৰ প্ৰতি আগ্ৰহ আছিল।
কিমান চনৰ পৰা এনে কামৰ সৈতে জড়িত হৈ আহিছে সেই কথাও আমাক ক'লে। ২০১০ত তেওঁ যোগদান কৰিছিল চি আই এছ এফত। তাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত কাম কৰিছে। য'তেই এনে লোকৰ সন্ধান পাইছে, তাতেই তেওঁ মেলি দিছে সহায়ৰ দুহাত। সামৰ্থ্য তেওঁৰ বেছি নাই। কিন্তু মনত কাৰোবাৰ প্ৰতি কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ লৈ ফুৰে। সেয়াই তেওঁৰ মূলধন।
দিল্লীৰ চান্দনী চকত ফুটপাথৰ ওপৰত ভিক্ষা খুজি থকা মানুহবোৰকো তেওঁ সহায় কৰিছিল এদিন। আন্তৰিকতাৰে কৰা এই সহায়ৰ প্ৰতি সেই অচিন মানুহবোৰে চিৰকৃতজ্ঞ হৈ তেওঁক নাম দিছিল 'গৰীৱৰ বন্ধু'। মানুহক সহায় কৰোতেও তেওঁলৈ বাধা আহিছিল। সেই বাধা ফালি তেওঁ ওলাই আহিছিল। এইবোৰ তেওঁৰ সেই কামবোৰৰ কিছু স্মৃতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/crpf-17.jpg)
য'তে তেওঁ সুবিধা পাইছে, তাতেই তেওঁ নিজৰ বিশাল অন্তৰ খুলি সামৰ্থ্য অনুসৰি সহায় কৰিছে। এগৰাকী পত্নী আৰু এজনী কন্যাৰে তেওঁৰো আছে এখন সংসাৰ। মানুহৰ এই আন্তৰিকতা পুনৰ বদান্যতাক উপহাস কৰা মানুহৰ অভাৱ নাই। মাথো সেইসকলে এওঁলোকৰ দৰে এনে কাম কৰিব পাৰিলেও নকৰে। কাৰোবাক যদি চাদৰ দিছে, আন কাৰোবাক দিছে ফ্ৰক। মানুহজনৰ এই সৰলতা আৰু আন্তৰিকতাত মুগ্ধ হৈ পৰা সাধাৰণ মানুহবোৰে দুহাতেৰে নমস্কাৰ জনাই সেই মুহূৰ্তত ভাবে, কিজানিবা ভগৱানে সহায়ৰ বাবে পঠাই দিছে এনে এজন মানুহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/crpf9-750x430.jpg)
এতিয়ালৈকে দেশজুৰি প্ৰায় ৪-৫হাজাৰ মানুহৰ মাজত তেওঁ কাপোৰ বিলাইছে। ভৱিষ্যতে এনে কামৰ সৈতে জড়িত হৈ থকাৰ সংকল্প লৈছে মানুহজনে। তেওঁৰ দেউতাকো আছিল সেনাৰ জোৱান। অৱসৰ লৈ এতিয়া থাকে ঘৰত। দৰঙৰ দলগাঁৱত তেওঁলোকৰ ঘৰ। দেউতাকে পুতেকৰ এই কামত উৎসাহ জনাইছে। কৈছে- 'আমাৰ কথা তই চিন্তা কৰিব নালাগে। আমাক দিবলগীয়া টকা কেইটাৰে তই এইবোৰ কামেই ক'ৰ। মই আৰু মাৰে মোৰ পেঞ্চনৰ টকাৰে চলি যাম।'
প্ৰতি মাহে তেওঁ নিজৰ দৰমহাৰ ধনৰ পৰা ন্যূনতম ১০ শতাংশ ধন দৰিদ্ৰ ল'ৰা-ছোৱালী বা আন মানুহক দান দি আহিছে। জুলাই মাহৰ দৰমহা তেওঁ সাঁচি থৈছে। আগষ্ট-ছেপ্টেম্বৰ মাহৰ দৰমহা মিলাই মাজুলীলৈ যাব। তাত তেওঁ অক্টোবৰত কিছু দৰিদ্ৰ লোকক সহায় কৰাৰ পৰিকল্পনা কৰিছে। য'তে নাথাকক তেওঁ এই কাম কৰি যোৱা পণ লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/crpf-16-750x430.jpg)
ছ'চিয়েল মিডিয়াত তেওঁক লৈ চৰ্চা হৈছে। তেওঁৰ কামক স্বীকৃতি দিছে এই মাধ্যমত। সেইবোৰ খবৰে তেওঁক অনুপ্ৰাণিত কৰে। আমি যেতিয়া কথা পাতিছিলো, তেতিয়া তেওঁ কৰ্তব্যত আছিল। মুখত আছিল সেই ধুনীয়া হাঁহি। তেওঁ জীৱনত প্ৰাচ্যুৰ্যতা নাই। বিলাসবিহীন এই জীৱন। আনৰ দুখতে দুখী, আনৰ সুখত সুখী। বিশাল অন্তৰেৰে তেওঁ পৰাখিনি কৰি গৈছে। সেয়া তেওঁ নিজৰ কৰ্তব্য বুলি ভাবে। কেতিয়াবা ছুটী লৈ, আন কেতিয়াবা কৰ্তব্য সামৰি মানুহৰ মাজলৈ তেওঁ দৌৰে। সহায় বিচাৰি তেওঁলৈ বহু ফোন আহে। সকলোকে তেওঁ বিচৰা ধৰণে সহায় কৰিব নোৱাৰে। কিন্তু যিসকলক পাৰে, সেইসকলক অন্তকৰণে সহায় কৰি যায় তেওঁ।
বহু খবৰৰ মাজত হেৰাই যায় এনে ভাল খবৰ। এইবোৰ খবৰলৈ, এইবোৰ কামলৈ দৃষ্টি দিয়া সময়নো আজি কাৰ আছে? এনেবোৰ কাম কোনোবা নামী-দামী লোকে কৰা হ'লে সেয়া বৰ-বৰ হেৰফেৰ বাতৰিৰ শিৰোনাম হ'লহৈ। এদিন কোনোবাই বানপানীৰ বাবে হাতত পাত্ৰ লৈ ৰাজপথলৈ ওলালেও ডাঙৰ বাতৰি হয়। হৈ-চৈ লাগে চৌদিশে। চৰ্চা হয় মানুহৰ মাজত। এইজন জোৱানে কিন্তু জীৱনটোকেই এনেবোৰ কামৰ মাজত বিলাই দিছে।
কঠিন পৰিশ্ৰমৰ অন্তত ঘটা দৰমহাৰ ধন কেইটাৰে পৰিয়াল চলায়। তাৰমাজতো কিছু ধন ৰেহাই কৰি দৰিদ্ৰ ল'ৰা-ছোৱালী, মানুহৰ মাজলৈ দৌৰে। লগত লৈ যায় তেওঁলোকৰ প্ৰয়োজনীয় বস্তু। মানুহৰ বাবেই তিনিটা বস্তু অতিকৈ প্ৰয়োজন। সেই তিনিটা হ'ল- অন্ন, বস্ত্ৰ আৰু বাসস্থান। তাৰেই এটা তেওঁ সাধ্য অনুসৰি দিবলৈ চেষ্টা কৰি আহিছে। প্ৰচাৰবিহীনভাৱে এই কাম কৰি ইতিমধ্যেই 'গৰীৱৰ বন্ধু' পৰিচয় লাভ কৰিছে।
মানুহৰ বাবে এনে ত্যাগ কৰিব পৰাতো সৰু কথা নহয়। সৰু সৰু মানুহবোৰেই আচলতে ডাঙৰ ডাঙৰ কাম কৰি থাকে। নীৰৱে, প্ৰচাৰবিমুখভাৱে, আন্তৰিকতাৰে কৰে এই কাম। যি কামত আছে ধাৰাবাহিকতা।
নাই কোনো চমৎকাৰ আৰু প্ৰচাৰৰ বাসনা। তেওঁ মুকলিকৈ লিখিছে- 'নিজৰ দৰমহাৰ টকাৰে দুখীয়া ল'ৰা-ছোৱালীৰ হৈ কাম কৰাৰ দম আছেনে কাৰোবাৰ? যদি আছে আগবাঢ়ি আহক। এনেকুৱা দুখীয়া ল'ৰা-ছোৱালী দেখিলেই মোলৈ ফোন কৰক। মোৰ ফোন নম্বৰ ৭৬১৮৩-১৫৮৭৭'।
মানুহজনৰ নাম বিৰাজ হাজৰিকা। চি আই এছ এফৰ জোৱান। দৰিদ্ৰ লোকৰ বন্ধু। নিজৰ দৰমহাৰ টকাৰে দুখীয়া ল'ৰা-ছোৱালীক পিন্ধাই কাপোৰ। বিশ্বাস হয়নে, নিজৰ দৰমহাৰে দুখীয়া ল'ৰা-ছোৱালীক কাপোৰ কিনি দিয়া এইজন মানুহকো দিব পাৰে কোনোবাই ভাবুকি?