/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/8fe7284f-96fa-4051-8ae8-50812213704f/AP_FOR_WEB_NEW____bikhekh_lekha_1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আজি তেওঁ সুখী। বন্ধুৱে লৈছে খবৰ। চকু আৰু মুখত আশাৰ কিৰণ। বেয়া দিনৰ পাছত যেন ভাল দিনৰ আগমণৰ খবৰ আহিছে। দুই বন্ধুৱে তেওঁক মাতি আনিছিল গুৱাহাটী ক্লাৱলৈ। দিনটো তেওঁ তিনিচকীয়া চাইকেলখনৰ ওপৰতে থাকে।
বন্ধু ৰাজীৱ হৰি কৌশিক আৰু হৰি বৰাই ধেমালী কৰিছে তেওঁৰ সৈতে। তেওঁ সুধিছে কি ক'লে মুখ্যমন্ত্ৰীয়ে ? বন্ধ খামটোৰ পৰা চেকখন উলিয়াই তেওঁৰ হাতত দিলে। মুখখন উজলি উঠিল। ৫০ হাজাৰ দিছে ! প্ৰাপ্তিৰ আভাই মুখখন উজ্বলাই দিলে।
মুখ্যমন্ত্ৰীয়ে যে তেওঁৰ আহ্বানৰ কথা শুনিলে, সেয়াই তেওঁৰ বাবে ডাঙৰ প্ৰাপ্তি। অসমীয়া প্ৰতিদিন ডিজিটেলৰ জড়িয়তে কিছুদিনৰ পূৰ্বে তেওঁ মুখ্যমন্ত্ৰীক মনৰ কথা কৈছিল। চলিবলৈ কিমান টান হৈছে সেই কথা জনাইছিল।
সামাজিক মাধ্যমযোগে বিভিন্নজনে সুব্ৰত দাস নামৰ এই বিশেষভাৱে সক্ষম লোকজনক সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিল। তেওঁৰ কৰুণ কাহিনী সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়েও ব্যস্ততাৰ মাজত তেওঁৰ খবৰ ৰাখিছিল।
খোজ তেওঁ কাঢ়িব নোৱাৰে। জীৱনেই এতিয়া তেওঁৰ বাবে বোজা। তাৰ পাছতো তেওঁ হাৰি নোযোৱা মানুহ। কঠোৰ মনোবল আৰু সাহসৰ গৰাকী। তিনিচকীয়া চাইকেলখনত উঠিয়েই খুজি-মাগি জীৱন চলাই গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কামৰূপ একাডেমীত একেলগে পঢ়িছিল।
সুব্ৰত দাসৰ দুখৰ কাহিনী প্ৰকাশ পোৱাৰ পাছতে যোগাযোগ কৰিছিল ৰাজীৱ হৰি কৌশিকৰ সৈতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। বিচাৰা হৈছিল তেওঁৰ ঠিকনা। তাৰ পাছত আহিছিল এটা ফোন। কিছু আৰ্থিক সাহায্য দিব মুখ্যমন্ত্ৰীয়ে।
সুব্ৰত দাস যাব নোৱাৰে। কোন যাব সেই দায়িত্বও তেওঁলোকে কান্ধ পাতি ল'লে। বন্ধু হৰি বৰাৰ সৈতে গৈ ১৩ ছেপ্টেম্বৰ, ২০২২ত আগবেলাৰ ভাগত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা চেকখন সংগ্ৰহ কৰিলে।
তাৰ পাছত তুলি দিলেহি সুব্ৰত দাসৰ হাতত। তেওঁৰো বিৰাট ফুৰ্তি। সেই সময়ত একেলগে পঢ়া আৰু এজন বন্ধু আহি ওলালহি। সুব্ৰত দাসৰ মুখত বিৰিঙি উঠা হাঁহিটোৰে তেওঁৰ বন্ধুবোৰকো সুখী কৰিলে।
এজনে ক'লে - তই চেকখন লৈ ঘূৰি ফুৰিব নালাগে। একাউন্ট নম্বৰ আৰু বেংকৰ ডিটেইলছ দে, মই ড্ৰপ কৰি দিম। সুব্ৰত দাসে সকলোবোৰ দিলে। ক'লে- এই টকাকেইটাৰে তেওঁ সৰু দোকান এখন দিব। তামোল-পাণৰ দোকান।
নিজে বহিব নোৱাৰিলেও কোনোবা এজনক বহাব। মুখ্যমন্ত্ৰীৰ এই সহায় তেওঁ জীৱনত নাপাহৰে। সহপাঠী সকলে এই আনন্দৰ ভাগ-বতৰা কৰি ল'লে। কিমান টকা দিছে তেওঁলোকৰ বাবে ডাঙৰ কথা নহয়।
মুখ্যমন্ত্ৰীয়ে যে খবৰ ৰাখিছে এজন বন্ধুৰ সেয়াহে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ কথা। একালৰ বন্ধুসকলে সেই পুৰণি দিনৰ স্মৃতি চাৰণ কৰিলে। সুখানুভূতিত ডুবি সুব্ৰত দাস আঁতৰি গ'ল হাঁহি হাঁহি। আজি তেওঁৰ চকুত চকুপানী নাই।
বন্ধুৱে খবৰ ল'লে। বন্ধুৱে সহায়ৰ হাত আগবঢ়ালে। সুব্ৰত দাসে যোৱাৰ আগত কৈ গ'ল - আজি মই বহুত সুখী। আৰু মোৰ বাবে ইহঁত দুয়োটাই ইমান কৰিছে ধন্যবাদৰ ভাষা নাই। দুই বন্ধুৱে তাক ধমকি দি ক'লে - ধেইৎ, দোস্তক কোনোবাই থেংকচ দিয়ে নেকি।