কাছাৰী বিচাৰি…

কাছাৰী বিচাৰি…

author-image
asomiyapratidin
New Update
কাছাৰী বিচাৰি…

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

একোণত পৰি থকা এখন সৰু মেজ। তাতে এগৰাকী ব্যক্তিয়ে বহি লিখিছে কাহিনী। ব্যক্তিজন কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা। লুইতৰ পাৰৰ পৰা আঁতৰাই নিয়া হৈছে উপায়ুক্ত কাৰ্যালয়। কাছাৰীয়ে উঠি গ'লে ক'ত থাকিব কাছাৰী!

সলনি হোৱা কাছাৰীৰ নতুন ঠিকনাত কাছাৰীৰ নতুন কাহিনী লেখাত তেওঁ ব্যস্ত। এটা সৰু টুইট উপায়ুক্ত গৰাকীৰ। লিখিলে – 'পুৰণি আৱৰ্ত ভৱন ভাঙিল। কাৰ্যালয়ৰঠিকনা সলনি হ'ল। কিন্তু একোণত পৰি থকা এই মেজখন পালো। … এতিয়া কাহিনী ইয়াতে লিখিম।'

সেই আৱেগৰ কাছাৰী, সেই কৰ্মব্যস্ত কাছাৰীৰ কথা। ভীষণ ব্যস্ত মহানগৰী ঠাইবোৰৰ ভিতৰত কাছাৰীও আছিল অন্যতম। সৌ সেইদিনা লৈকে মানুহে পি দি ফুৰা কাছাৰী এতিয়া নিমাত নিতাল। ইতিমধ্যে কাছাৰীত থকা উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰিত কৰা হৈছে। পৰ্যায়ক্ৰমে তাৰ পৰা আন কাৰ্যালয় সমূহো স্থানান্তৰিত কৰিব।

উপায়ুক্তৰ কাৰ্যালয় থকা চৌহদৰ প্ৰৱেশ পথত আৰি দিয়া আছে এখন জাননী। ২২ আগষ্ট ২০২২ত অঁৰা এই ৰাজহুৱা জাননীত লিখা আছে পূৰ্বৰ জাননী নম্বৰ KNZ40/OFFICESHIFTING/2022/481DATED22/07/2022 ইমানৰ জৰিয়তে জনোৱা যায় যে কামৰূপ মহানগৰৰ পাণবজাৰৰ এই কাৰ্যালয় হেঙেৰাবাৰীৰ খাদী হাটলৈ স্থানান্তৰ কৰা হৈছে।

উপায়ুক্ত কাৰ্যালয়লৈ অহা মানুহৰ বাবে এতিয়াৰ পৰা অস্থায়ীভাৱে হ'লেও নতুন ঠিকনা হ'ব হেঙেৰাবাৰী। কাছাৰীৰ হৃদপিণ্ড আছিল আন কাৰ্যালয়ৰ লগতে এই উপায়ুক্তৰ কাৰ্যালয়টো। প্ৰাণ চঞ্চল কাছাৰীৰ পৰা কাৰ্যালয়টো স্থানান্তৰ কৰাৰ লগে লগে এতিয়া চৌদিশে কেৱল নিষ্প্ৰভ।

পূৰ্বতে কাছাৰী মানেই ব্যস্ততাৰ সীমা নাছিল। তিনি মহলীয়া সেই উপায়ুক্ত কাৰ্যালয়টো পৰ্যায়ক্ৰমে ভাঙি পেলোৱা হৈছে। প্ৰয়োজনীয় নথি-পত্ৰ তাৰ পৰা লৈ গৈছে। মুখ্যমন্ত্ৰীয়ে হাতুৰীৰে কোব দি এই কাৰ্যালয়টো ভঙাৰ পৰ্ব আৰম্ভ কৰিছিল।

এতিয়া তাত কেইজনমান নিৰাপত্তৰক্ষী, কাম কৰা কিছু সংখ্যক শ্ৰমিক। নীলা বস্তাৰ কাপোৰেৰে ঢাকি পেলোৱা হৈছে কাৰ্যালয়ৰ চৌদিশ। চৰকাৰে তাত উদ্যান নিৰ্মাণ কৰিব। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই স্থানত বহুবোৰ কাৰ্যালয় আছে। তাতে আছে মুখ্য ন্যায়িক দণ্ডধীশৰ কাৰ্যালয়। বহুতৰ বাবে সেই স্থান জীৱন আৰু জীৱিকাৰ উৎস আছিল।

কাছাৰীৰ এই কাৰ্যালয়বোৰক কেন্দ্ৰ কৰিয়েই হোটেল, তামোলৰ দোকান, ভেণ্ডৰ, টাইপ, জেৰক্স আদি নন ব্যৱসায় গঢ় লৈ উঠিছিল। সেই পথেৰে অহা-যোৱা কৰা চিটি বাছবোৰৰ কণ্ডাক্টৰে কাছাৰী পালেই জোৰেৰে চিঞৰিছিল- 'কাছাৰীৰ নামক'।

গুৱাহাটী বহু সলনি হৈছে। সময়ে গুৱাহাটীক সলনি কৰিছে। গুৱাহাটীৰ ঐতিহ্য অতীতে সামৰি থৈছে। বহুবোৰ স্মৃতি হেৰাই গৈছে, আন বহুবোৰ স্মৃতি থিয় হৈ আছে। ১৮০৮ খ্ৰীষ্টাব্দত হেমলটনে গুৱাহাটী এখন দুখীয়া চহৰ বুলি প্ৰকাশ কৰিছিল।

ইংৰাজ চাহাব মেক্সেও গুৱাহাটীক অস্বাস্থ্যকৰ নগৰ বুলিছিল। তেওঁলোকৰ বাবে গুৱাহাটী আদৰৰ নাছিল। তেজপুৰ, ডিব্ৰুগড়ক ইংৰাজসকলে বেছি পচন্দ কৰিছিল। কিন্তু এইখন গুৱাহাটীৰ পৰাই ইংৰাজে অসমত শাসন চলাইছিল। ১৮২৪ খ্ৰীষ্টাব্দৰ ২৮ মাৰ্চত মানৰ হাতৰ পৰা গুৱাহাটীৰ অধিকাৰ ব্ৰিটিছে লৈছিল।

গুৱাহাটী তেতিয়া জনশূণ্য আছিল। মানে প্ৰথম দুবাৰ গুৱাহাটীত অত্যাচাৰ চলোৱা নাছিল যদিও শেষৰবাৰ আক্ৰমণত গুৱাহাটী তহিলং কৰিছিল। এইখন গুৱাহাটীতেই ১৮২৮ খ্ৰীষ্টাব্দত নামনি অসমৰ শাসন চলাবলৈ সদৰ কৰি লৈ ব্ৰিটিছে কাৰ্যালয় নিৰ্মাণ কৰিবলৈ লয়।

প্ৰথমে তেওঁলোকে কামাখ্যা পাহাৰৰ নামনিত কাৰ্যালয় স্থাপন কৰিছিল যদিও পিছলৈ শুক্ৰেশ্বৰত ডেপুটি কমিছনাৰ আৰু পুলিচ চাহাবৰ কাৰ্যালয় থকা ঘৰ নিৰ্মাণ কৰে। দীঘলি পুখুৰীৰ পশ্চিমফালে জিলা কাৰ্যালয় লৈ আহে। ব্ৰিটিছৰ আমোলাতেই গুৱাহাটীয়ে নতুন ৰূপ পাইছিল।

শুক্ৰেশ্বৰ টিলাৰ যি স্থানত এই কাৰ্যালয় সমূহ স্থাপন কৰিছিল বা বাঙলাবোৰ বনাইছিল তাত হেনো এসময়ত বৰফুকনৰ হাউলি আছিল। মানে যি ঠাইত ধ্বংসস্তূপত পৰিণত কৰিছিল সেই ঠাইত তেতিয়াৰ এচিছটেন্ট কমিছনাৰ কেপ্টেইন আৰ্টিবল্ড বগলে চাহাবে নিজা বঙলা, অফিচ, কাছাৰী সজাই লৈছিল।

বৰ্তমান কাছাৰীৰ সেই স্থানৰ পৰা আহোম ৰাজত্বৰ কালত বৰফুকনে, তাৰ পাছত ইংৰাজে শাসন চলাইছিল। গুৱাহাটীৰ এই ঠাইখিনিয়েই আছিল ইংৰাজৰ শাসন কালত পৰিকল্পিত ঠাই। জজ কমিছনাৰৰ বাবে বঙলা, মুকলি উদ্যান আদিৰ লগতে লতাশিল খেলপথাৰৰ পশ্চিমে উপায়ুক্তৰ বঙলা, কটন কলেজ, ডাকঘৰ, তাৰ ঘৰ আদি আছিল।

১৮৫০ খ্ৰীষ্টাব্দ লৈকে গুৱাহাটীৰ সকলোবোৰ ঘৰেই খেৰৰ আছিল। সঘন অগ্নিকাণ্ডত সেইবোৰ ছাঁই হৈছিল। ১৮৫৩ চনত খেৰৰ ঘৰৰ পৰিৱৰ্তে খাপৰি ঘৰ নিৰ্মাণ কৰিবলৈ ইটা পুৰিবলৈ বংগদেশৰ পৰা মিস্ত্ৰি অনা হৈছিল। এনেকৈয়ে গুৱাহাটীৰ উন্নয়ন লাহে লাহে হৈ উঠিছিল।

গুৱাহাটীত ঘোঁৰাই টনা টমটম গাড়ীয়েই অভিজাত্যৰ প্ৰতীক আছিল। ১৯৩৮ চনলৈকে গুৱাহাটীত মাত্ৰ ৩খন টেক্সি আছিল। তাৰে হেনো দুখন আছিল চিডেন বডীৰ আৰু এখন ওডাৰ হুড মডেলৰ। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে গুৱাহাটীৰ মানুহে এৰ'প্লেন দেখা পাইছিল আকাশত।

সেই গুৱাহাটীত কিমান পৰিৱৰ্তন হ;ল আজি। শুক্ৰেশ্বৰৰ ওখ ঠাইবোৰ ডেপুটি কমিছনাৰৰ বঙলা আৰু কাৰ্যালয়ৰ বাবে বিখ্যাত হৈ পৰিছিল। এই ওখ ঠাইখিনি প্ৰতীৰক্ষাৰ দিশতো আছিল গুৰুত্বপূৰ্ণ। এই ঠাইৰ পৰা পূবে লতাশিল পাৰ হৈ নৱগ্ৰহ পাহাৰৰ নামনিলৈ থকা সমতল ভূমিৰ নামেই আছিল ইটাখুলি।

সেই ইটাখুলিতেই আহোম-মোগলৰ এসময়ৰ বিখ্যাত ইতিহাস প্ৰসিদ্ধ ৰণ হৈছিল ১৬৬৫ খ্ৰীষ্টাব্দত। আহোম সেনাই এই যুদ্ধত মোগলক পৰাস্ত কৰি মানাহ নদী পাৰ কৰিছিল। অৱশ্যে ইয়াৰ পাছত চাৰে তিনিবছৰ গুৱাহাটী পুনৰ মোগলৰ হাতলৈ গৈছিল। ১৬৮৩ গদাধৰ সিংহই শুক্ৰেশ্বৰ দুৰ্গ দখল কৰি পুনৰ গুৱাহাটী উদ্ধাৰ কৰে।

গুৱাহাটীত খোজে খোজে ইতিহাস আছে। বিচাৰিলে বহু পুৰণি দিনৰ স্মৃতি গুৱাহাটীত পাব পৰাকৈ লুকাই আছে। তাহানিৰ উপায়ুক্তৰ বঙলাৰ সন্মুখেৰে দক্ষিণৰ পাণবজাৰ অভাৰ ব্ৰীজখনৰ পিনে যোৱাৰ পুৰণি নাম আছিল শ্বিলং ৰোড। তাতেই আছিল গুৱাহাটীৰ অন্যতম পুৰণি প্ৰতিষ্ঠান ট্ৰায়' ষ্টৰেজ।

সেইবোৰ এতিয়া নাই। গুৱাহাটী জৰীপ কৰিছিল প্ৰতীক চন্দ্ৰ বৰুৱাই। তেওঁ নিখুত জৰীপৰ কথা মানুহৰ মুখে মুখে। কাৰ্ণিংহাম চাৰকোলাৰ প্ৰতিবাদতেই ১৯৩০ খ্ৰীষ্টাব্দত কামৰূপ একাডেমী স্কুলৰ জন্ম হৈছিল। এটা ঐতিহ্যপূৰ্ণ চৰকাৰী বসগৃহ আছিল আৰ্ল ল' কলেজৰ অধ্যক্ষৰ বাসভৱন। সেই ঘৰলৈ ৰবীন্দ্ৰ নাথ ঠাকুৰ আহিছিল। আলহী হৈ থাকি গৈছিল তাত।

সেই সময়ৰ ল' কলেজখনৰ অধ্যক্ষ আছিল জ্ঞানদাভিৰাম বৰুৱা। হাইকৰ্ট আৰু লতাশিল খেলপথাৰৰ উত্তৰ দিশত বহু পৰিৱৰ্তন হ'ল। এসময়ত চাৰ্কিট হাউচ হিচাপে থকা পুৰণি অসম আৰ্হিৰ ঘৰবোৰ নাইকীয়া হ'ল। ব্ৰহ্মপুত্ৰ অশোকা হোটেল থকা ঠাইখনত কামৰূপ জিলাৰ চিভিল চাৰ্জনৰ বঙলা আছিল।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ লতাশিত খেলপথাৰৰ উত্তৰ দিশে থকা বঙলাটো এসময়ত কমিছনাৰৰ বঙলা আছিল। সেই চৌহদতে আন কেইবাটাও বঙলা আছিল তাৰে এটাত এতিয়া আছে তাৰকা গৃহ। সময়ে গুৱাহাটীক সলনি কৰিছে। সেই সলনি প্ৰয়োজন হৈ পৰে।

কাছাৰীও হয়তো এনেকৈয়ে সময়ৰ সোঁতত সলনি হৈ অতীত হৈ যাব। গুৱাহাটীত এতিয়া চৌদিশে কেৱল ভিৰ। পৰিকল্পনাবিহীন গুৱাহাটীৰ বহু সলনি প্ৰয়োজন আছে। কিন্তু কাছাৰীৰ সেই আৱেগ, স্মৃতি কোনে পাহৰিব পাৰে। কিন্তু সময়ে একোখন ঠাই নক্সা সলাই দিয়ে বা সলাবলৈ বাধ্য কৰে। এতিয়া সেই কাছাৰীত 'নাপাব কাছাৰী বিচাৰি'।

assam guwahati himanta biswa sarma bjp