/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-NEW-bikhekh-lekha-1-13.jpg)
মৃদুল কুমাৰ সন্দিকৈ
গাঁৱত এখন স্কুল লাগে। গাওঁ বা অঞ্চলটোৰ মানুহবোৰে হাতে-কামে লাগে। তেনেকৈয়ে ৰাইজৰ পৃষ্ঠপোষকতাত আৰম্ভ হয় এখন বিদ্যালয়। এইবোৰ পুৰণি কথা। জ্ঞানৰ অন্বেষণৰ বাবে স্থাপন কৰা বিদ্যালয় সমূহৰ আঁৰত থাকে অঞ্চলটোৰ সাধাৰণ ৰাইজৰ শ্ৰম আৰু ত্যাগ।
শিক্ষাৰ সৈতে জড়িত, সামাজিক কামৰ প্ৰতি আগৰণুৱা নেতৃস্থানীয় ব্যক্তিয়ে নেতৃত্ব লৈ শিক্ষানুষ্ঠান সমূহ গঢ়ে। কোনোবাই মাটি দান কৰে, কোনোবাই বেঞ্চ-ডেস্ক দিয়ে, প্ৰথমে স্কুল ঘৰটো বনাবলৈ গাওঁখনৰ বা অঞ্চলটোৰ প্ৰতিঘৰ লোকে খেৰ, বাঁহ, কাঠ আদি লাগতিয়াল সামগ্ৰী সমূহ দান দিয়ে।
পাঠদানৰ বাবে ঘৰ বনাবলৈ ৰাইজেই হাত উজাৰি শ্ৰম দান কৰি ঘৰৰ ভেটিৰ বাবে মাটি তোলে। বাঁহ, বেতৰ ব্যৱস্থাৰে কম দিনৰ ভিতৰতে এখন শিক্ষানুষ্ঠান গঢ়ি তোলে। স্থানীয় শিক্ষিত যুৱকসকলে পাঠদান কৰিবলৈ আগবাঢ়ি আহে। ৰাইজেও ল'ৰা-ছেৱালীবোৰ বিচাৰি আনি হেঁপাহৰ শিক্ষানুষ্ঠানখন গঢ়ে। ৰাজ্যৰ সৰহসংখ্যক বিদ্যালয় এনেকৈয়ে স্থাপন কৰা হৈছিল।
এইবোৰ স্কুলক কোৱা হয় ভেঞ্চাৰ স্কুল। ভেঞ্চাৰ কলেজো এইদৰেই স্থাপন কৰাৰ পাছত বহু বছৰৰ অন্তত সেইবোৰ চৰকাৰীকৰণ হয়। দান-বৰঙণিৰে স্থাপন কৰা বিদ্যালয় সমূহ প্ৰাদেশীকৰণ হোৱাৰ পাছত সেই বিদ্যালয় সমূহৰ দায়িত্ব চৰকাৰে লয়। ৰাজ্য চৰকাৰে এনেকৈ বিদ্যালয় স্থাপন কৰাতো ইতিমধ্যে বন্ধ কৰিছে।
অসম সৰ্বশিক্ষা অভিযান মিছনৰ মিছন সঞ্চালক ড০ ওম প্ৰকাশে ৩০ জুলাই ২০২২ত এক নিৰ্দেশ জাৰি কৰিলে। নিৰ্দেশ নম্বৰ SSA/CP/Gen-Matter/278/2010/1456 যোগে সকলো জিলা উপায়ুক্ত আৰু বিটিআৰ, এন চি এইছ এ চি, কে এ এ চিৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰা পত্ৰত চৰকাৰী বিদ্যালয় সমূহৰ বাবে প্ৰাক্তন ছাত্ৰ, স্থানীয় লোকৰ পৰা বিদ্যালয় সমূহত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী যেনে ফেন, ফিল্টাৰ আদি দান হিচাপে লোৱাৰ ব্যৱস্থা কৰিবলৈ কোৱা হ'ল।
নিজে পঢ়া বিদ্যালয় এখনলৈ এগৰাকী প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীয়ে দান হিচাপে কিবা এটা দিবলৈ পোৱাটো গৌৰৱৰ কথা। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে তেনে এক হেঁপাহ নিশ্চয় থাকিব। কিন্তু চৰকাৰীভাৱে হঠাৎ এই উদ্যোগ কিয় ল'ব লগা হ'ল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এনে কৰা বুলিও এই পত্ৰত উল্লেখ কৰা হৈছে।
বিদ্যালয় সমূহক কমিউনিটি ইনষ্টিটিউশন ৰূপত গঢ় দিবলৈ এনে কৰা বুলি চৰকাৰী পক্ষই যুক্তি দৰ্শালেও ৰাজ্যৰ বেছি সংখ্য বিদ্যালয়ৰ স্থানীয় ৰাইজৰ মৰমৰ আৰু ইয়াৰ সৈতে সেই অঞ্চলবাসীৰ হেঁপাহ আগ্ৰহ জড়িত হৈ থাকে। এসময়ত দান-বৰঙণিয়ে গঢ়ি তোলা শিক্ষানুষ্ঠান সমূহক নতুনকৈ আৰু সেই চিন্তা ধাৰাৰে গঢ়ি তোলাৰ প্ৰয়োজন হয়তো নাথাকে।
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত বিদ্য়ানঞ্জল-২ কাৰ্যসূচীৰ অধীনত এনে কৰা বুলি কৈছে চৰকাৰী পক্ষই। এই কাৰ্যসূচীৰ হেনো লক্ষ্য – বিদ্যালয়খনৰ সৈতে চৌপশৰ লোক সকলৰ এক সু সম্পৰ্ক স্থাপন কৰা। বিভিন্ন বিদ্যালয়লৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰে নকলেও সামৰ্থ অনুসৰি বিভিন্ন উপলক্ষ্যত দান-বৰঙণি দিয়াৰ এক নিয়ম আছে।
চান্দা সংস্কৃতি বন্ধ কৰিবলৈ কোৱা ৰাজ্য চৰকাৰে বিদ্যালয়সমূহৰ ক্ষেত্ৰত লোৱা এই পদক্ষেপে কৰবাত যেন চৰকাৰৰ অসহায়তাক উদঙাই দিছে। লাহে লাহে বাৰু চৰকাৰী পক্ষই চৰকাৰী বিদ্যালয় সমূহৰ পৰা নিজৰ দায়িত্ব আঁতৰাই আনিব বিচাৰিছে অতি কৌশলেৰে। ৰাজ্যত থকা চৰকাৰী বিদ্যালয় সমূহৰ সৰহভাগতে বিভিন্ন সমস্যা।
অসমত ৩১,৩৫৩খন বিদ্যালয়ত নাই খোৱা পানী, ফিল্টাৰ, ডেস্ক-বেঞ্চ, বিজুলী আদিৰ সু ব্যৱস্থা। ৪ হাজাৰো অধিক মাধ্যমিক বিদ্যালয়ত আন্তগাঁঠনিৰ আভাৱ। চৰকাৰে এফালে ন ন আঁচনি ঘোষণা কৰিছে। স্কুটি, ছাত্ৰ-ছাত্ৰীৰ হাত খৰচ, কিতাপ কিনাৰ ধন আদি চমক লগা আঁচনি ঘোষণা কৰাৰ সময়ত এই বিদ্যালয়সমূহৰ আন্তগাঁঠনি উন্নত কৰণৰ বাবে কিয় ব্যৱস্থা ল'ব নোৱাৰে সেয়া এক ডাঙৰ প্ৰশ্ন।
চৰকাৰৰ হাতত ধন নাই বুলি কলে চৰকাৰে কয় ধনৰ অভাৱ নাই। তাৰ পাছতো ঋণ লোৱাৰ সপক্ষে চৰকাৰে যুক্তি দৰ্শাই। যদি সেইবোৰে সঁচা তেনেহ'লে আনুষ্ঠানিকভাৱে চৰকাৰে কৌশলপূৰ্ণ এনে নিৰ্দেশনাৰে কিয় ৰাইজৰ ওচৰত হাত পাতিব লগা হৈছে। যাৰ ইচ্ছা তেওঁ এনেও দিব। কিন্তু বিচাৰি যাব লগা ব্যৱস্থা এটা কৰিব লগা হৈছে কিয়। চৰকাৰৰ তথ্য অনুসৰিয়েই এই বিদ্যালয় সমূহত ২ লাখ ৬ হাজাৰ ৪৬৪খন চিলিং ফেনৰ প্ৰয়োজন।
ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয় সমূহ পৰিচালিত কৰিবলৈ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত বছৰটোৰ বাবে বাৰ্ষিক পুঁজি যোগান ধৰে। সেই ধন বিদ্যালয় পৰিচালনাৰ বাবে প্ৰতি বছৰে প্ৰাথমিক বিদ্যালয়ক ১৫ হাজাৰ টকা পৰ্যন্ত, মাধ্যমিক বিদ্যালয়ক সৰ্বাধিক ৭৫ হাজাৰ টকা দিয়ে।
অভিযোগ উঠিছে এতিয়া সেই বছৰেকীয়া পুঁজিৰ ধন বহু বিদ্যালয়ে নোপোৱা হৈছে। ধন নোপোৱাৰ বাবে বিদ্যালয় সমূহত চ'ক পেঞ্চিল কিনা, বিদ্যুতৰ বিল দিয়া, চাফ-চিকুন কৰা, ডেস্ক-বেঞ্চ মেৰামতিৰ কাম ব্যাহত হৈছে। এয়া চৰকাৰৰ কেনে নীতি। আনকি যি ধন চৰকাৰে দিয়ে সেই ধন বেংকত থলে তাৰ পৰা যি সুত লাভ কৰে সেই সুততো চৰকাৰৰ চকু পৰিল। তেনে ধন চৰকাৰে উভতাই আনিছে। বাস্তৱৰ বিড়ম্বনা এয়াই।
চৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে ষড়যন্ত্ৰ এইবাৰ দিছপুৰৰ পৰা চলিছে নেকি। মানুহে তেনেকৈ ভাবিবলৈ বাধ্য হৈছে। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহকো প্ৰাইভেট পাৰ্টনাৰ পলিচিল আৰ্হিত গঢ়ি তুলিবলৈ বিচাৰিছে নেকি চৰকাৰে। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান ইংৰাজীত পঢ়াতো বাধ্যতামূলক কৰি ইতিমধ্যে অসমীয়া ভাষাৰ সমাধি খন্দাৰ কাম আৰম্ভ কৰিছে।
জাতীয় দল-সংগঠন, ৰাইজে প্ৰতিবাদ কৰিছে যদিও চৰকাৰী পক্ষই সেইবোৰলৈ কৰ্ণপাত কৰা নাই। এনে সম্ভাৱনাই দেখা দিছে যে অসমীয়া মাধ্যমত এই দুই পাঠ্যক্ৰম পঢ়া ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী সময়ত শিক্ষকৰ চাকৰি পোৱাত চৰকাৰী ভাৱেই অলিখিত বাধাৰ সৃষ্টি হ'ব।
অভিভাৱকে ভাবিবলৈ বাধ্য হ'ব অসমীয়া মাধ্যমত পঢ়াৰ কি লাভ। এই চৰকাৰেই আকৌ অসমীয়া মাধ্যমক আভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা কয়। যদি বিজ্ঞান আৰু গণিত অসমীয়া মাধ্যমত পঢ়িব নোৱাৰেই তেনেহ'লে চিকিৎসা বিজ্ঞান বা আভিযান্ত্ৰিক পাঠ্যক্ৰম কেনেদৰে অসমীয়া মাধ্যমত ল'ব?
যি ইচ্ছা চৰকাৰী পক্ষই এতিয়া কৰি যাব হয়তো খুজিছে। চৰকাৰী আৰু অসমীয়া মাধ্যমক বাদ দি ইংৰাজী মাধ্য়মৰ আদৰ্শ বিদ্যালয় খোলাৰ ব্যৱস্থা কৰিছে। অসমতেই অসমীয়া মাধ্যমৰ এই দশা। এনেকৈয়ে এতিয়া অসমীয়া ভাষা, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ধ্বংস যজ্ঞ অতি কৌশলেৰে চলিছে। চৰকাৰৰ মুৰব্বী সকলে সেই যজ্ঞত আহুতি ঢালিছে।
আৰু পঢ়ক : চিৰাঙত চোৰাং কাঠ সহ সৰবৰাহকাৰী আটক…