/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-NEW-bikhekh-lekha-1-7.jpg)
মৃদুল কুমাৰ সন্দিকৈ
'মোক ন্যায় লাগে। হ'ব, নহয় কৈ দিব লাগে। দেখিছাই মই মৰণ পথৰ যাত্ৰী। তোমাক এই কথাকেইটা ক'বৰ বাবেই মই মাতি আনিছো। কথা কেইটা কৈ মই শান্তি পাইছো। মই কাৰোৰেই পৰা সহানুভুতি বিচৰা নাই।' – এইদৰে কথাবোৰ কৈ যাওঁতে চশমাৰ ফাকেৰে দেখা পাইছিলো তেওঁৰ চকুপানী নিগৰিছিল।
সাধাৰণ মানুহ তেওঁ নহয়। এজন অসাধাৰণ মানুহ। প্ৰজ্ঞা আৰু সাধনাৰে নিজৰ পৰিচয় গঢ়া মানুহ। বিছনাখনত তেওঁ বহি কেইবাটাও গাৰুত আওজি কোনোমতে তেওঁ কথাবোৰ কৈ গৈছিল। মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক হাতযোৰ কৰি অনুৰোধ কৰিছিল তেওঁ।
বেমাৰটো তেওঁৰ পুৰণি। মৃত্যুৰ সৈতে যুঁজিবলৈ তেওঁৰ মনত আছে সাহস আৰু প্ৰবল ইচ্ছা শক্তি। সেয়েহে বিছনাত পৰিও হাতৰ কলম এৰি দিয়া নাই। হঠাৎ গাতো তেওঁৰ বেয়া হয়। এই ভাল, এই বেয়া। সেয়েহে কথাবোৰ তেওঁ এখন কাগজত টুকি ৰাখিছিল।
শিক্ষকতাই তেওঁৰ বৃত্তি। ১৯৬০ চনত প্ৰথম কহিগুৰি এম.ভি স্কুলত শিক্ষকতা কৰিছিল। বৰ বেছি সময়ৰ বাবে নাছিল। তাৰ পাছত সেই শিক্ষকতা বৃত্তি তেওঁ এৰি নিদিলে। সলনি হ'ল কেৱল তেওঁৰ কৰ্মস্থান। ১৯৬৬ চনত ডিফুৰ কলেজত অধ্যাপক হিচাপে যোগদান কৰিছিল। কলেজখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বও লৈছিল। ১৯৬৮ত তেওঁ যোগ দিছিল মৰিয়নি কলেজত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/prafulla-1-515x1024.jpg)
১৯৯৪ চনত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা, অসমত ছিনিয়ৰ ৰিচাৰ্চ ফেল' হিচাপে যোগদান কৰি ১৯৯৮ চনত সেই সংস্থাটোৰে সঞ্চালক হিচাপে দায়িত্ব লৈছিল। ২০০৫ৰ ৩১ ডিচেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে। ৪৬ বছৰ শিক্ষা ক্ষেত্ৰখনৰ সৈতে তেওঁ জড়িত আছিল।
অসমীয়া জাতি-জনগোষ্ঠীক লৈ শ্ৰেণীবদ্ধ গৱেষণা আৰু লিখা-মেলা কৰা এজন গৱেষকো তেওঁ। তেওঁ গ্ৰন্থসমূহৰ নামেই কয় তেওঁৰ কামৰ কথা। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস, জনগোষ্ঠীত চেতনা : আত্ম প্ৰতিষ্ঠাৰ প্ৰশ্ন, অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ, সমাজ সংস্কৃতি ইতিহাস ইত্যাদি, জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা, বড়োভূমিৰ উচুপনি, বিষয় : জনজাতিৰ মৰ্মবেদনা, ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যা শংকৰদেৱ আৰু বড়োজাতি, ঐতিহাসিক প্ৰেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰবেশৰ সমস্যা, খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল, হিন্দুবাদ বৰ্ণবাদ বিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্ৰত জনজাতীয় চেতনা, আধুনিক অসমীয়া সাহিত্য : সামাজিক বৌদ্ধিক পটভূমি আৰু অন্যান্য আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ।
কেইবাখনো উপন্যাসো আছে তেওঁৰ। অধ্যয়নপুষ্ট এইগৰাকী বিশিষ্ট সাহিত্যিক অসমীয়া জাতীয়তাবাদৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু বিশ্লেষণৰ অন্যতম গৱেষক। তেখেতে ক'ব বিচৰা কথাবোৰ শুনাৰ পাছত আপুনিও এবাৰৰ বাবে ভাবিব তেখেতৰ দৰে ব্যক্তিৰেই যদি এই অৱস্থা হয় সাধাৰণ মানুহৰ কি হ'ব।
কথা কোৱাত তেখেতৰ সমস্যা হয়। বেছি কথা ক'লে তেজ ওলাই মুখেৰে। পৰাপক্ষত তেওঁ মানুহৰ সৈতে কথা নাপাতেই। বিছনাখনেই তেখেতৰ সংগী এতিয়া। কাষত থকা ফাইলটোৰ পৰা এখন এখনকৈ কাগজ উলিয়াই তেখেতে কৈ গৈছিল কথাবোৰ। চিঠি নং B(2) H-141/98/9 যোগে তেখেতক আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থাৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছিল। তেতিয়াৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব ভি বি প্যাৰিলালে এই নিযুক্তি পত্ৰত চহী কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/prafulla-2-1024x514.jpg)
ভুল বশত: সেই নিযোগ পত্ৰত নাছিল বেতনৰ নিৰিখ। পিছত তেওঁ নথি-পত্ৰ চাই গম পাইছিল ১৯৯১ চনতেই এই পদৰ বাবে ইউ জি চি ৰিভাইছ স্কেলত বেতনসহ অধ্যাপকৰ পদমৰ্যদালৈ উন্নীত কৰা হৈছিল। এই সিদ্ধান্তক আনন্দৰাম বৰুৱাৰ ভাষা-কলা-সংস্কৃতিক-সংস্থাৰ কাৰ্যনিৰ্বাহক কমিটীয়ে এক প্ৰস্তাৱযোগে অনুমোদন জনাইছিল। সেই কথা তেতিয়াৰ ইয়াৰ অধ্যক্ষ তথা সেই সময়ৰ শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক জনাইছিল। আৰু সেই নিৰিখত দৰমহা দিবলৈ আবেদন জনাইছিল।
শিক্ষামন্ত্ৰীয়েও ইয়াক অনুমোদন জনাই। তাক কাৰ্যকৰী কৰিবলৈ কাৰ্যনিৰ্বাহক কমিটীলৈ এক নিৰ্দেশ প্ৰেৰণ কৰে। সময় বাগৰি গ'ল। বছৰৰ পাছত বছৰ পাৰ হ'ল। চৰকাৰে কোনো সিদ্ধান্ত নল'লে। ২০০৫ত তেখেত অৱসৰ হ'ল। অৱসৰৰ পাছত তেওঁৰ হাতত জমা ধন বুলিবলৈ ফুটাকড়িও নৰ'ল। উপায়হীন হৈ আইনৰ আশ্ৰয় ল'লে। ৭ বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিলে।
ৰায় আহিল তেওঁৰ পক্ষত। দুমাহৰ ভিতৰত অধ্যাপকৰ স্কেলত বেতন নিৰ্ধাৰিত কৰি সমুদায় ধন আদায় দিবলৈ চৰকাৰক নিৰ্দেশ দিয়া এই ৰায়লৈ তেওঁ আকৌ চৰকাৰী কাৰ্যালয়লৈ দৌৰিল। উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিবক সকলো নথি-পত্ৰ দিয়াৰ লগতে উচ্চ শিক্ষাৰ সঞ্চালকলৈও সেইবোৰ প্ৰেৰণ কৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/prafulla-3-544x1024.jpg)
দিনৰ পাছত দিন অপেক্ষা। তেওঁৰ বায়'দাতা সংগ্ৰহ কৰা হ'ল। উচ্চ শিক্ষা সঞ্চালকে বিচৰা তথ্য পাতি দিলে কিন্তু কাম হে নহ'ল। তেওঁ কোৱা মতে এই বিষয়ত কেবিনেটত শেষ সিদ্ধান্ত ল'বৰ বাবে ফাইল গৈ তেতিয়াৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ পাইছিল। তাৰ পাছত সেই ফাইল সন্ধানহীন।
এনেকৈয়ে তেওঁৰ প্ৰাপ্যখিনিৰ পৰা বঞ্চিত হৈ আছে আজিও। পবন বৰঠাকুৰ শিক্ষা বিভাগত আয়ুক্ত সচিব হৈ থকাৰ সময়ত কাম হ'ব বুলি জনাইছিল। সেই কাম আজিও নহ'ল। বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণুজ পেগুকো এই বিষয়ে ক'লে। পুৰণি সেই ফাইলটো নিবিছাৰি আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা লৈ পে ফিস্কেছন সন্দৰ্ভত জানিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। আকৌ নতুন ফাইল হ'ব। দিছপুৰৰ টেবুলে টেবুলে বাগৰিব। কেতিয়া পাব তেওঁৰ প্ৰাপ্য।
ড০ প্ৰফুল্ল মহন্ত। অসমীয়া সমাজ জীৱনৰ এজন পুৰোধা ব্যক্তি। কিমান যুঁজিব আৰু তেওঁ ন্যায়ৰ বাবে। কেতিয়া পাব সেই ধন। চিকিৎসাৰ নামত বহু ধন ব্যয় হৈছে। বহু কথাই তেওঁ ক'লে। লগতে ক'লে কেইদিন জীয়াই থাকিম আৰু। দুখন কিতাপ তেওঁ লিখি থৈছে। টকা কেইটা পালে ভাবি থৈছিল সেই কিতাপ দুখনেই উলিয়াব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/prafulla-4-1024x461.jpg)
মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁৰ আহ্বান। মৃত্যুৰ পূৰ্বেই তেওঁক ন্যায় দিয়ক। পাবলগীয়া ধন কেইটা দিব নিদিয়ে সেই কথা জনাওক। হয় নহয় উত্তৰ লাগে তেওঁক। বৰ আবেগিকভাৱে কথাবোৰ কৈ গ'ল। নীৰৱ দৰ্শক হৈ শুনি গ'লো। পাবনে বাৰু তেওঁ ন্যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিবনে কিবা এটা। অত্যন্ত দুখেৰে তেওঁ ক'লে 'এতিয়াতো মই ওলাইয়ো যাব নোৱাৰো। তোমাৰ আগত কথা কেইটা কৈ কিবা যেন শান্তি পালো।'