মহাৰাষ্ট্ৰ জয়েৰে বিজেপিৰ দাক্ষিণাত্য অভিযান আৰম্ভ

মহাৰাষ্ট্ৰ জয়েৰে বিজেপিৰ দাক্ষিণাত্য অভিযান আৰম্ভ

অসমৰ বৌদ্ধিক জগতৰ এক বলিষ্ঠ ব্যক্তিত্ব লক্ষ্মীনাথ তামুলী। সমাজ জীৱনৰ সকলো বিষয়ক লৈ সদায় সচেতন এইগৰাকী চিন্তাবিদ তথা সমাজ বিশ্লেষক প্ৰায় ২ টা বছৰ নীৰৱ হৈ আছিল। কোনেও তেওঁক টিভিৰ পৰ্দাত অথবা কলমৰ মাধ্যমেৰে বাতৰি কাকতত দেখা পোৱা নাছিল। দৰাচলতে তেওঁ আছিল সাংঘাটিক ভাৱে অসুস্থ। কিন্তু শেহতীয়া পৰিস্থিতিত বিশেষকৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পট পৰিৱৰ্তনে তেওঁক নীৰৱতা ভংগ কৰিবলৈ যেন বাধ্য কৰালে। সেয়ে মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰেৰ চৰকাৰক অংশীদাৰ হোৱা প্ৰায় দুকুৰী বিধায়ক হঠাতে আহি গুৱাহাটীৰ হোটেলত আশ্ৰয় লৈ দেশৰ অৰ্থনীতি, সাংস্কৃতিক আৰু ৰাজনীতিক প্ৰভাম্বিত কৰি ৰখা মহাৰাষ্ট্ৰৰ এই দৃশ্যপটক লৈ তেওঁ হাতত কলম তুলি ল'বলৈ বাধ্য হ'ল। এই সন্দৰ্ভত তেওঁৰ বিশ্লেষণ অসমীয়া প্ৰতিদিন ডিজিটেলত গুৰুত্বসহকাৰে প্ৰকাশ কৰা হৈছে।

মহাৰাষ্ট্ৰত বৰ্তমান চলি থকা জোট-বন্ধন চৰকাৰখনৰ পতন অৱধাৰিত হৈ পৰিছে। মহাৰাষ্ট্ৰৰ জাতীয়তাবাদী দল শিৱসেনাৰ নেতৃত্বত চলি থকা চৰকাৰখনৰ শিৱসেনাৰ ৫ জন মন্ত্ৰীসহ ২২ জন বিধায়ক আৰু ১৪ গৰাকী নিৰ্দলীয় বিধায়কক বিজেপিয়ে অতি গোপনে প্ৰভাম্বিত কৰি, কিম্বা অবিশ্বাস্য পৰিমানৰ টকা-পইচা দি অথবা লাভজনক মন্ত্ৰীত্বৰ উপহাৰেৰে প্ৰলোভিত কৰি শিৱসেনাৰে ৩৫ জন বিধায়কক মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে বিদ্ৰোহী সজাই চৰকাৰখনত পতন প্ৰায় নিশ্চিত কৰি তুলিছে।

মই কেইবা বছৰ আগতে একাধিকবাৰ লিখিছিলো যে, কৰ্মী প্ৰধান বিজেপি দলত নেতাৰ অভাৱ কাৰণে ঘাইকৈ কংগ্ৰেছ আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতাক মন্ত্ৰীত্ব আৰু প্ৰচুৰ ধনৰ প্ৰলোভনৰ প্ৰতিশ্ৰুতি দি তেনেধৰণৰ বাটলু নেতাৰে দলটো ভৰাই পেলাইছে। তাকে কৰিবলৈ তেওঁলোকে যুদ্ধ, ৰাজনীতি আৰু প্ৰেমত সকলোবোৰ কাৰ্য-দুষ্কাৰ্যই নায্য বুলি ধৰি লৈ দল বাগৰাটোক ভাৰতীয় গণতন্ত্ৰৰ ৰাজনৈতিক সংস্কৃতিত অধঃপতিত কৰিছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰত বিজেপি নেতৃত্বই যি ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিছে, সেইখিনি তেওঁলোকৰ এক ভয়ংকৰ গোপন ৰাজনৈতিক এজেণ্ডাৰ ভিতৰৰ কাৰ্যসূচী মাথোন। গোটেই বিশ্বৰে কিছুমান আগশাৰীৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰনেতাই Populist Authoritarianism (জনপ্ৰিয় শ্বৈৰতন্ত্ৰ বা একনায়কত্ববাদ)ৰ শ্লোগানৰ আধাৰত ফেচীবাদ, নাজীবাদৰ আৰ্হিৰ শাসনতন্ত্ৰ প্ৰতিষ্ঠা কৰিছেই বা কৰাৰ যো-জা চলাই আছে। ড'নাল্ড ট্ৰাম্প নিৰ্বাচনত পৰাস্ত হোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰত সেই প্ৰচেষ্টাত সদ্যহতে যতি পৰিছে। ৰাছিয়াৰ পুটিন, চীনৰ ঝিংপিনে আজীৱন ৰাষ্ট্ৰপতি হৈ থকাৰ সাংবিধানিক ব্যৱস্থা ইতিমধ্যে কৰি ল'লেই।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই দামোদৰ ভাই মোডী কিয় পিছপৰি ৰ'ব? তেওঁৰ হেঁচাত ভাৰতীয় জনতা পাৰ্টীয়ে সেই ক্ষেত্ৰত এতিয়ালৈকে মুকলিকৈ সন্মতি প্ৰকাশ নকৰিলেও, তেওঁ যি নিৰ্দয়তাৰে লালকৃষ্ণ আদৱানি, মুৰুলি মনোহৰ যোশীৰ দৰে প্ৰবীন নেতাক ৭৫ বছৰৰ লক্ষ্মণ ৰেখাৰ ভিতৰতহে সক্ৰিয় ৰাজনীতিত থাকিবপৰাৰ সীমা নিৰ্ধাৰণ কৰি নিজৰ দলতে সন্মানীয় অথচ অনাকাংক্ষীতভাৱে বৰ্জনীয় কৰি পেলালে, সেই একেটা সূত্ৰতে ২০২৪ চনত মোডী বিজেপি দলৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰয়াসী হ'ব নোৱাৰে। ৫৬ ইঞ্চিৰ বুকুৰ মোডী ডাঙৰীয়া ৭৫ বছৰ বয়সত নালায়ক হ'বলৈ নিবিচাৰিব যেন লাগে। আন্তঃদলীয় প্ৰতিবাদ, প্ৰতিৰোধ আৰু অসন্তুোষ্টি চম্ভালিবলৈ আৰ এছ এছৰ আশীৰ্বাদৰ হাত মোডীৰ শিৰত আছেই।

২০১৯ চনৰ ৰাষ্ট্ৰীয় সাধাৰণ নিৰ্বাচনৰ সময়ৰ আগে পাছে, সাধ্বী প্ৰজ্ঞা প্ৰমূখ্যে কেইবাজনো কট্টৰপন্থী বিজেপি নেতা-নেত্ৰীৰ হতুৱাই মোডীজীয়ে পুনৰুক্তিৰে ভৰা ঘোষণাৰে কৈছিল যে- ২০১৯ চনৰ পাছত ২০২৪ চনত আৰু এবাৰ নিৰ্বাচন হ'ব। তাৰ পিছত আৰু নহ'ব। মোডীজী তেতিয়া মৌন হৈ ৰৈছিল।

জনপ্ৰিয় একনায়কত্ববাদ প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজনীয় আধাৰবোৰ তেওঁ বৰ সতৰ্কতা আৰু গণিতীয় হিচাপেৰে প্ৰতিষ্ঠা কৰি আনিছে। 'অগ্নিপথ'ৰ দৰে প্ৰতাৰণা মূলক সেনা নিযুক্তি আঁচনি কাৰ্যকৰী কৰিবলৈ প্ৰধানমন্ত্ৰীজনে ভাৰতৰ তিনিটা সশস্ত্ৰ বাহিনীৰ মূৰব্বীৰ হতুৱাই প্ৰেছ মীট পাতি লাজ লাগি যোৱাকৈ সমৰ্থনৰ সমস্বৰ গীত গোৱালে, সেই কাৰ্যই সেনাবাহিনী কেইটাক তেওঁ পোহনীয়া পালিত প্ৰাণীৰ দৰেই যে ব্যৱহাৰ কৰিব পাৰিব সেইটো নিশ্চিত হ'ল।

মহাৰাষ্ট্ৰৰ শিৱসেনাৰ নেতৃত্বৰ জোটবন্ধন চৰকাৰটোৰ পতন ঘটাই বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰোৱাই ১৮ জুলাইত অনুষ্ঠিত হবলগা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিজেপিয়ে নিৰ্ভৰ কৰিবপৰা অদিবাসী মহিলা প্ৰাৰ্থী গৰাকীৰ বিজয় নিশ্চিত কৰাটো মোডীজীৰ প্ৰধান লক্ষ্য হ'ব। বেচেৰা উদ্ধৱ ঠাকৰে নিচিন্তে নিদ্ৰাত আশ্ৰয় লৈ থাকোতেই হঠাৎ অপ্ৰত্যাশিতভাৱে অহা অসমৰ বানপানীয়ে অসমৰ ৪৭ লাখ জনতাক গৃহহীন কৰি তোলাৰ দৰে তেওঁকো সমৰ্থকহাৰা কৰি পেলাইছে।

ইতিহাসবিদ ভিনচেণ্ট স্মিথে মহামতি টিপু চুলতানৰ সকলোবোৰ সামৰিক আৰু কৌশলগত কৃতিত্ব স্বীকাৰ কৰিয়ে লেখিছিল যে- টিপু চুলতান বাদেই, স্বয়ং মহামতি নেপোলিয়ন হোৱাহেতনো দক্ষিণ ভাৰতৰ পৰা অভিযান চলাই দিল্লীৰ শাসক-শক্তিক পৰাস্ত কৰিবলৈ বিফল হ'ল হেতেন। কিয়নো দক্ষিণৰ কোনো সম্ৰাট বা সাম্ৰাজ্যই সামৰিক অভিযান চলাই স্থায়ীকৈ দিল্লী দখল কৰা কথা ইতিহাসত বিছাৰি পাবলৈ নাই।

দক্ষিণ ভাৰত দখল কৰা কাৰ্যই দিল্লীত মোদীক একনায়কত্ববাদ প্ৰতিষ্ঠা কৰা মূল্যবান বৰঙনি যোগাব। দুবছৰমান আগতে লিখিছিলো- 'শুনাচোন কাণ পাতি, হিটলাৰৰ পদধ্বনি'। আজি ভাৰতীয় মানুহ আৰু গণতন্ত্ৰ যেন বামনৰ তৃতীয় পদৰ ভৰত চিৰদিনলৈ পদদলিত হ'বলৈ গৈ আছে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in