/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/oi-paku-illegel-wood-kridhna-mahapanchayat-copy.jpg)
ডিজিটেল ডেস্কঃ ক্ষেত্ৰী আৰক্ষী থানাৰ ইজিপিডিৰ এটা দলে গ্ৰেপ্তাৰ কৰা তিনিটা বাইক চোৰক। ২৬ আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে এই বাইক চুৰি চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চুৰি কৰা এখন কেটিএম ডিউক ২৫০ বাইক। গ্ৰেপ্তাৰ কৰা তিনিওকে সোধ-পোছ কৰাৰ পাছত পুনৰ ২৮ আগষ্ট অৰ্থাৎ শনিবাৰে আৰক্ষীয়ে অভিযান চলাই এই চক্ৰৰে জড়িত থকা ৮জন অভিযুক্ত আৰু ৭খন বাইক জব্দ কৰে।
কেৱল ইমানেই নহয় যোৱা কালি অৰ্থাৎ ২৯ আগষ্টত পুনৰ আৰক্ষীয়ে অভিযান চলাই আৰু চাৰিখন বাইক জব্দ কৰে। গোটেই নিশা অভিযান অব্যাহত ৰাখি আৰক্ষীয়ে সোমবাৰে যোৰাবাটৰ পৰা এই দলটোৰে জড়িত কিংপিন দীপ সিংহা নামৰ এজনক গ্ৰেপ্তাৰ কৰে। বৰ্তমানলৈ আৰক্ষীয়ে এই অভিযানত ১২জন অভিযুক্ত আৰু ১২খন বাহন জব্দ কৰিছে।