বুধবাৰৰ পৰা মহানগৰীত নাপাব ৰেপিড’ বাইক সেৱা

বুধবাৰৰ পৰা মহানগৰীত নাপাব ৰেপিড’ বাইক সেৱা

author-image
asomiyapratidin
New Update
বুধবাৰৰ পৰা মহানগৰীত নাপাব ৰেপিড’ বাইক সেৱা

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বন্ধ হ'ল ৰেপিড' সেৱা। মহানগৰবাসীৰ মাজত কম দিনতে জনপ্ৰিয় হৈ পৰা এই সেৱা বুধবাৰৰ পৰা বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে পৰিৱহন বিভাগে। উল্লেখ্য যে, ৰেপিড' সেৱাৰ দৰে ব্যৱসায় চলাবৰ বাবে প্ৰয়োজন হোৱা অনুমতি আৰু অনুজ্ঞাপত্ৰ নথকাৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছে বিভাগটোৱে।

Advertisment

২০১৮ বৰ্ষৰ ১৭ ডিচেম্বৰত গুৱাহাটী মহানগৰীত ৰেপিড' সেৱা আৰম্ভ কৰা হৈছিল। প্ৰথমাৱস্থাত মাত্ৰ কেইখনমান দুচকীয়া বাহনেৰে আৰম্ভ হোৱা এই সেৱা মুকলি কৰিছিল মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ৰেপিড' সেৱা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ জৰিয়তে ৰাইজ উপকৃত হ'ব বুলি মন্তব্য কৰিছিল। ইফালে ৰেপিড' সেৱাত নিজৰ দুচকীয়া বাহনখন পঞ্জীয়ন কৰি বহু নিবনুৱা যুৱকে লাভ কৰিছিল সংস্থাপন।

ৰেপিড' বাইক টেক্সি সেৱা চলাবৰ বাবে প্ৰয়োজন হোৱা অনুমতিৰ লগতে অনুজ্ঞাপত্ৰ দেখুৱাব নোৱাৰাৰ বাবে এই সেৱা বন্ধ কৰা হৈছে বুলি সংবাদমাধ্যমক জনাইছে কামৰূপ মহানগৰ পৰিবহন বিষয়া বাপন কলিতাই। ইফালে ৰেপিড' বাইক সেৱাৰ জৰিয়তে সংস্থাপন লাভ কৰা বহু যুৱকে এই কাৰ্যৰ দ্বাৰা তেওঁলোকৰ সংস্থাপন কাঢ়ি লোৱা বুলিও মন্তব্য কৰিছে।