নাহৰ ফুলে নুশুৱাই… ব’হাগত কি ফুলে শুৱাই…

নাহৰ ফুলে নুশুৱাই… ব’হাগত কি ফুলে শুৱাই…

author-image
asomiyapratidin
New Update
নাহৰ ফুলে নুশুৱাই… ব’হাগত কি ফুলে শুৱাই…

ডিজিটেল ডেস্কঃ সৰাপাতৰ বুকুৱেদি নামি আহিছে বসন্ত। ন-সাজেৰে সাজি উঠিছে ধৰণি। চৌপাশে কেৱল সেউজীয়া। বসন্ত যেন গজি উঠিছে ডালে ডালে… পাতে পাতে। এনে নৈসৰ্গিক পৰিবেশৰ বোকোচাত উঠিয়েই আহিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। এই ব'হাগ বিহুৰ পৰিচয় দাঙি ধৰিছে কপৌ, কেতেকী, নাহৰ, তগৰ অথবা কৃষ্ণচূড়াৰ ফুল পাহে।

Advertisment

কবিৰ কবিতাৰ মাজতো জিলিকি উঠিছে ব'হাগৰ ফুলৰ বৰ্ণনা। গীততো বিৰাজমান ব'হাগৰ গৰিমা আৰু বহাগত ফুলা ফুল।

"নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌ ফুলে শুৱাব…"

ব'হাগ মানে বসন্ত ঋতু। এই ঋতুৱে বতাহত বিয়পাই ন কৈ ফুলা ফুলৰ সুৱাস। যাৰ ৰাগিয়ে মতলীয়া কৰে ডেকা-গাভৰুক। এবুকু মৰমেৰে চেনাইয়ে নাচনীজনীৰ খোপাত গুজি দিয়া কপৌ ফুল পাহে সোৱৰাই দিয়ে ভালপোৱাৰ গভীৰতা। বিহু গীতৰ মাজেৰে মূৰ্ত প্ৰকাশ ঘটা এই ভালপোৱা আৰু কপৌ ফুলপাহৰ সম্পৰ্কতো এনেদৰে সজীৱ হয়-

"পাহাৰ বগাই বগাই
জান ঐ কপৌ ফুল মই আনিছো
জান ঐ কপৌ ফুল মই আনিছো
জান ঐ নলও বুলি নকবা দেই…"

'বহাগমহীয়া বসন্ত ঋতুক সজাই-পৰাই তুলিছিল বাৰী-ঘৰ, হাবি-বন সকলোতে ফুলা বগা বগা নাহৰ ফুলে৷ বহাগৰ নাহৰণি, সেই নাহৰ ফুলৰ গোন্ধ, মোৰ নাকে-মুখে এতিয়াও লাগিছে৷ বহাগমহীয়া এই মিঠা গোন্ধেৰেই নাহৰণি গাঁওখন ভৰি থাকে৷' তাহানিতে অসমীয়া সংস্কৃতি-সাহিত্যৰ সাধক চৈয়দ আব্দুল মালিকে এনেদৰে কৈ গৈছে নাহৰৰ কথা। ব'হাগত নাহৰৰ পাতত পৰি কুলীয়ে বিনাই। নাহৰৰ শুভাই সহজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। পিৰামিদ আকৃতিৰ গঠন, শুভ্ৰ ৰঙৰ বাবে নাচনীয়ে নাহৰ ফুল বিহু নাচৰ সময়ত ব্যৱহাৰ কৰে।

বিহুৰ উৎপত্তি বনৰ মাজত। পুৰণি কালত পানী আনিবলৈ যোৱা ডেকেৰী আৰু ম'হ চৰাবলৈ যোৱা ডেকাহতে আঁহত গছৰ তলত বিহু মাৰিছিল। মুখেৰে ফুটাই ক'ব নোৱাৰা বহু কথাই গীতৰ মাজেৰে প্ৰকাশ কৰা হৈছিল। যিবোৰক বিহু গীত বুলি কোৱা হয়। ডেকেৰী হতেও সেই বিহু গীতৰ তালে তালে দেহৰ অংগী ভংগীৰে ডেকাসকলৰ প্ৰশ্নৰ উত্তৰ দিছিল। সেইবোৰেই বিহু নাচ হিচাপে পৰিচিত।

ডেকেৰীসকলে অতীজত ডেকাসকলৰ সন্মুখত নিজৰ যৌৱন ফুটাই তুলিবলৈ প্ৰসাধনেৰে নিজকে ধুনীয়া কৰি তুলিবলৈ চেষ্টা কৰিছিল। সেই সময়ত কপৌ অথবা কেতেকী ফুলপাহ, হাতত জেতুকাৰ বোল ওঠত থেকেৰাৰ ৰঙেই আছিল যুৱতীসকলৰ অন্যতম প্ৰসাধন। সেইবাবে তাহানিতে যুৱতীসকলে ব্যৱহাৰ কৰা সেই প্ৰাকৃতিক প্ৰসাধন আজিও পৰম্পৰা অনুসৰি নাচনীসকলে বিহু নৃত্যৰ সময়ত ব্যৱহাৰ কৰি আহিছে।

বহাগৰ বতৰতে কেতেকী ফুলে আমোল মোলাই আকাশ বতাহ। এই কেতেকী ফুলৰ ব'হাগৰ সৈতে আছে এক বিশেষ সম্পৰ্ক। কেতেকী ফুল বিহুৰ সময়ত সুগন্ধি বিলাবলৈ নাচনীয়ে হাতত বা খোপাত গাঠি লয়। কেতেকী ফুলৰ প্ৰজাতি দুটা। এটা হালধীয়া আৰু এটা বগা। সাধাৰণতে বিহুৰ সময়ত বগা কেতেকীকে নাচনীয়ে ব্যৱহাৰ কৰে।

অসমৰ মাটিত সহজতে পোৱা ফুল কপৌ, কেতেকী। যাৰ পৰিপ্ৰেক্ষিতত এই ফুলকেইপাহৰ আদৰ বিহুৰ সময়ত যথেষ্ট বৃদ্ধি পায়। গানৰ মাজেৰে নাচনীয়ে আপোনজনক চেনাই সম্বোধন কৰি এই ফুল কেইপাহ বিচাৰি আনিবলৈ কয়।

"চেনাই তই আনিবি কপৌফুল এপাহি

খোপাতে গুজি ল'ম মই

আঁহতৰ তলতে মই হ'ম নাচনী

ঢুলীয়া হবিগৈ তই…"

কবিতাতো নাহৰ ফুলৰ সুবাস আৰু প্ৰেয়সীৰ আকুলতাই স্থান লাভ কৰিছে।

"আজি নাহৰ ফুলিছে।

এইহেন বতৰতে তোমালৈ মনত পৰে

খিৰিকীখন জপাই থও বুলিও থব পৰা নাই

আজি নাহৰৰ সুগন্ধ কবিতা হৈ মোৰ কলমেৰে নিগৰিছে।" (চন্দ্ৰকুমাৰ আগৰৱালা)

এপাহ ফুল যি প্ৰেমৰ আজন্ম প্ৰতীক। এই ফুলপাহ ৰঙা বাবেই ফুলপাহত হৃদয়ৰ ভালপোৱা পৰিস্ফূত হয় বুলি কোৱা হয়। গীত কবিতাত ভালপোৱাৰ পৰিভাষা বুজাবলৈ অতিকৈ ব্যৱহৃত হোৱা ফুলবিধেই হৈছে কৃষ্ণচূড়া। ব'হাগ যিহেতু এক প্ৰেমৰ উতসৱ, সেইবাবেই ব'হাগতো এই ফুলপাহে বিশেষ মান্যতা পায়।

বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ৰঙৰ ফুল ফুলে। এই ফুলবোৰে সমাজলৈ কঢ়িয়াই আনে বিভিন্ন ঋতুৰ বাৰ্তা। সমাজত ফুলসমূহে দিয়ে নতুনৰ বতৰা। কিন্তু সময়ৰ লগে লগে আমি দেখিবলৈ নোপোৱা হৈছো পূৰ্বে আমাৰ কৰণিত দেখিবলৈ কিছু ফুল। অত্যধিক যান্ত্ৰিকতা আৰু যান্ত্ৰিক জীৱন যাপনৰ অচিলাৰে গছ বন ধ্বংস কৰাৰ বাবে পূৰ্বৰ দৰে বৰ্তমান নাই ফুল। বৰ্তমান বহুলোকৰ বাবে ফুলবোৰ হৈছে একো একোখন হাবি সদৃশ। বহুলোকেই নুবুজে ফুলৰ সুগন্ধিৰ মূল্য। বিহুৰ সময়ত নাচনীৰ খোপাত জিলিকি উঠা আৰু এবিধ ফুল হৈছে তগৰ ফুল। তগৰ ফুলৰ সুবাস সহজতে আকৰ্ষিত কৰিব পৰা বিধৰ। যাৰ বাবে নাচনীয়ে খোপাত এই ফুল গুজি লয়।

কেৱল সেয়াই নহয়, আঁহতৰ তলৰ পৰা মঞ্চ পোৱা বিহুতো পূৰ্বৰ সেই কেতেকী কপৌ পাহি যেন হেৰাই গ'ল। তাৰ ঠাই এতিয়া দখল কৰিছে বজাৰত সহজলভ্য প্লাষ্টিকৰ ফুলপাহে। যিদৰে এতিয়া মানুহৰ সম্পৰ্কবোৰ আন্তৰিকতাহীনতালৈ ঠেলি দিছে যান্ত্ৰিক জীৱনে। ঠিক তেনেদৰে বজাৰত উভৈনদী হৈ পৰা এই প্লাষ্টিকৰ গোন্ধহীন ফুলবোৰে বিহুৰ প্ৰকৃত পৰম্পৰা অন্তৰঙ্গহীনতালৈ ঠেলি দিছে।

কিন্তু তথাপিও বিহু অসমীয়াৰ আপোন। এই বিহুৰ মাজতে অংকিত হৈ আছে অসমীয়া চহা জীৱনৰ মানচিত্ৰ। বনৰ বিহু মঞ্চ পালেও, সুবাসময় ফুলপাহ প্লাষ্টিকৰ হৈ পৰিলেও বিহু সদায় জীয়াই থাকিব। প্ৰান্তে প্ৰান্তে, প্ৰতিবছৰে উদযাপিত হ'ব ৰঙালী বিহু। গীতৰ কথাৰে কবলৈ গ'লে- "অসমীয়া থাকে মানে/ বিহুও থাকিব জীয়াই/ চিৰ সেউজ মোৰ, চিৰ আপোন/ এইয়াই মোৰ অসমী আই…"