বানাক্ৰান্তৰ মাজত চিকিৎসক অবিহনেই চিকিৎসা শিবিৰ..

বানাক্ৰান্তৰ মাজত চিকিৎসক অবিহনেই চিকিৎসা শিবিৰ..

ডিজিটেল সংবাদ বিহপুৰীয়া: কেশৱ মহন্ত নেতৃত্বাধীন ৰাজ্যৰ স্বাস্থ্য বিভাগে জনসাধাৰণৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিশেষকৈ বিহপুৰীয়াৰ সোৱণশিৰিৰ বানত আক্ৰান্ত অঞ্চলসমূহত চিকিৎসা শিবিৰ পতাৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম৷ স্বাস্থ্য বিভাগে, চিকিৎসক অবিহনেই কেৱল এগৰাকী এম পি ডব্লিউ আৰু এগৰাকী এ এন এমৰ দ্বাৰা বানাক্ৰান্ত অঞ্চল সমূহত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈয়ে দুগৰাকী স্বাস্থ্যকৰ্মীয়ে বানাক্ৰান্ত অঞ্চলৰ ৰোগীৰ মাজত বিভিন্ন ৰোগৰ ঔষধ বিতৰণ কৰা কাৰ্যই ৰোগীৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে ৷ কোভিড পৰীক্ষা অবিহনেই স্বাস্থ্য কৰ্মী সকলে একাংশ ৰোগীক জ্বৰ কাহৰ ঔষধ দিয়াত বন্যাৰ্ত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে৷ যাতায়তৰ দুৰৱস্থাৰ বাবে ৰোগীক স্বাস্থ্য কেন্দ্ৰলৈ নিবলৈ অপাৰগ ৰোগীৰ আত্মীয়ই চিকিৎসক অবিহনেই চিকিৎসা শিবিৰ অনুষ্ঠিত কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে চিকিৎসক আৰু ফাৰ্মাচিষ্টৰ দ্বাৰা চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিবৰ বাবে স্বাস্থ্য বিভাগক দাবী জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in