বিহপুৰীয়া উন্নয়ন খণ্ডৰ লুন্ঠনকাৰী গ্ৰামসেৱক নিতুল গগৈক গ্ৰেপ্তাৰ…

বিহপুৰীয়া উন্নয়ন খণ্ডৰ লুন্ঠনকাৰী গ্ৰামসেৱক নিতুল গগৈক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
বিহপুৰীয়া উন্নয়ন খণ্ডৰ লুন্ঠনকাৰী গ্ৰামসেৱক নিতুল গগৈক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: গ্ৰাম্য দৰিদ্ৰ হিতাধিকাৰী পৰিয়ালৰ বিপৰীতে আবন্টিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজি গোগ্ৰাখে উদৰস্থ কৰি  সুদীর্ঘ দিনে পলাই থকা ঘিলামৰা উন্নয়ন খণ্ডৰ এটা লুণ্ঠনকাৰী অৱশেষত আৰক্ষীৰ জালত পৰিল। ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ দৰিদ্ৰ পৰিয়ালৰ বিপৰীতে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ শিতানত আবন্টিত বিশাল পুঁজি জালিয়াতিৰে কুক্ষীগত কৰিছিল উন্নয়ন খণ্ডটোৰ তদানীন্তন গ্ৰামসেৱক, পি এম ৱাই  (গ্ৰামীণ)ৰ নডেল অফিচাৰ  নিতুল গগৈয়ে। খণ্ডটোৰ পি এম ৱাই বিভাগৰ  নডেল অফিচাৰ হৈ পৈতৃক সম্পত্তি হিচাবে গণ্য কৰি গুৰু গোঁসাই নমনা এইজন নিতুল গগৈয়ে গোগামুখৰ এটা বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালকৰ সহযোগত গোপনে , জালিয়াতিৰে একাউণ্ট  খুলি  শ্ৰমিকৰ কামৰ বিপৰীতে আবন্তিত বিশাল পুঁজি সৰকাই আত্মহাত কৰিছিল । 

Advertisment

এইজন চতুৰ অৰ্থলোভী নডেল অফিচাৰে তদানীন্তন খণ্ড উন্নয়ন বিষয়া দিপুল চমুৱাৰ পৰা কৌশলেৰে দঙ্গল ,পাছৱৰ্ড পৰ্যন্ত হস্তগত কৰি বৃহৎ ধন ৰাশি  সংগোপনে উলিয়াই নি  ভয়ানক বিত্তীয় কেলেংকাৰী সৃষ্টি কৰিছিল । ঘিলামৰা উন্নয়ন খণ্ডৰ সোৱণশিৰী,বর্ষামুখ, মৰনৈ আদি পঞ্চায়তৰ  কেইবা শতাধিক শ্ৰমিকৰ গৃহ নিৰ্মাণৰ পুঁজি বেলেগ ভুৱা একাউণ্টলৈ আদায় দি নিৰ্লজ লুটপাত চলাইছিল নিতুল গগৈ বাহিনীয়ে। মৰনৈ , সোৱণশিৰি আদি পঞ্চায়তত কেইজনমান দালাল প্ৰকৃতিৰ মধ্যভোগী এজেন্টৰ নিয়োগ কৰি দৰিদ্ৰ হিতাধিকাৰীৰ প্ৰাপ্য পুঁজি একাংশ ভুৱা একাউণ্টৰ জৰিয়তে সমূলন্সে উদৰস্থ কৰাৰ তথ্য বিভাগীয় তদন্ত কালতো উন্মোচিত হৈছিল।

প্ৰতাৰক লুন্ঠনকাৰী নডেল অফিচাৰ নিতুল গগৈৰ এই নিৰ্বিচাৰ লুটপাতত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল সোৱণশিৰী পঞ্চায়তৰ মনুৰাম মেদক নামৰ এটা মধ্যভোগী দালালে। নিতুল বাহিনীৰ এনে নিকৃষ্ট লুণ্ঠনৰাজৰ সন্দৰ্ভত "অসমীয়া প্ৰতিদিন"ৰ  একক অনুসন্ধান কালত উন্মোচিত তথ্যৰ ভিত্তিত ধাৰাবাহিক ভাবে বাতৰি প্ৰকাশৰ পাছত লখিমপুৰ জিলা পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ দলেয়ে ঘিলামৰা থানাত ৰুজু কৰিছিল গোচৰ ( নং- ৫১ /২০২০ ) । ভাৰতীয় দণ্ডবিধি আইনৰ  ৪০৬/৪০৮/৪০৯/৪২০ (৩৪) ধাৰাৰ জামিন অযোগ্য আচামী লুণ্ঠনকাৰী নিতুল গগৈ আৰু মনোৰাম মেদক  বিগত সুদীর্ঘ কাল পলাই ফুৰিছিল। 

ঘিলামৰা আৰক্ষীৰ চকুত ধূলি দি সুদীর্ঘ কাল চৰকাৰী বিশাল পুঁজি উদৰস্থ কৰি পলাই ফুৰাৰ অন্তত শনিবাৰে নিশা আৰক্ষীৰ জালত পৰে ধুৰন্ধৰ দুই লুণ্ঠনকাৰী । নিশা অভিযান চলাই ঘিলামৰা আৰক্ষীয়ে দুয়োটা পলাতক অচামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত দুয়োটা লুণ্ঠনকাৰীক আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । ঘিলামৰা থানাৰ অন্তৰ্গত দক্ষিণ ঘিলামৰা বাংকেলেং অঞ্চলৰ কেছেৰুগুৰিৰ এই প্ৰতাৰক প্ৰবঞ্চক ,অৰ্থলোভী নিতুল গগৈয়ে বিহপুৰীয়া উন্নয়ন খণ্ডত গ্ৰামসেৱক হিচাবে কিছুদিন পূৰ্বে যোগদান কৰিছিল বুলি জনা গৈছে। ২০২০ বৰ্ষৰ জুন মাহত পঞ্জীভূত গোচৰৰ অন্যসকল অভিযুক্তৰ প্ৰতিও ঘিলামৰা আৰক্ষী অধিক কঠোৰ হোৱাটো ন্যায়কামী ৰাইজে দাবী জনাইছে ।