/asomiyapratidin/media/media_files/2024/12/01/W5KUY43lWYdHlF7PJpYO.jpg)
ডিজিটেল ডেস্কঃ যোৱা নিশা বিহালী সমষ্টিৰ শিয়ালমাৰী ৰেলৱে গেইটৰ নিৱাসী অজয় চামাদ (৩৫)ক নিজ পত্নী ফিল'মিনা জ'জ'ৱাৰে (৩০) কুঠাৰেৰে ঘপিয়াই হত্যা কৰে । পাৰিবাৰিক কন্দলৰ কৰুণ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰ আংশকা কৰা হৈছে ।
নিজ ঘৰৰ চোতালতে পত্নীয়ে স্বামীক হত্যা কৰাৰ পিছত ঘৰৰ ভিতৰলৈ নি মজিয়াত শুৱাই থৈ নিজে মৃতদেহৰ কাষত বহি ৰয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে হত্যাৰ খবৰ পাই নিশাই মহিলা গৰাকীক আটক কৰাৰ লগতে মৃতদেহ বিহালীৰ মৰ্গলৈ প্ৰেৰণ কৰে । মৃতদেহ আজি বিহালীত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us