উৰিয়ামঘাটত সন্মিলিত মটৰ পৰিবহণ সন্থাৰ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন…

উৰিয়ামঘাটত সন্মিলিত মটৰ পৰিবহণ সন্থাৰ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন…

author-image
asomiyapratidin
New Update
উৰিয়ামঘাটত সন্মিলিত মটৰ পৰিবহণ সন্থাৰ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন…

ডিজিটেল সংবাদ উৰিয়ামঘাটঃ সন্মিলিত মটৰ পৰিবহণ সন্থা উৰিয়ামঘাট শাখাৰ দ্বি-বাৰ্ষিক অধিবেশনখন আজি উৰিয়ামঘাটত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ এই উপলক্ষে উৰিয়ামঘাট বে-চৰকাৰী বাছ আস্থানৰ চৌহদত বৃক্ষৰূপণ কাৰ্যসূচী শুভাৰম্ভণ কৰে সন্মিলিত মটৰ পৰিবহণ সন্থাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি তথা গোলাঘাট জিলাৰ সভাপতি পূৰ্ণ ৰাজখোৱাই ৷

Advertisment

অধিবেশনৰ মুকলি সভাত সভাপতিত্ব কৰে সন্মিলিত মটৰ পৰিবহণ সন্থাৰ উৰিয়ামঘাট শাখাৰ সভাপতি মোবাৰক আলি আহমেদে ৷ শাখাৰ সম্পাদক জোনমণি চুতীয়াই উদ্দেশ্য বাখ্যা কৰা সভাত অতিথি পৰিচয় আৰু সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে পাপু কোঁৱৰে ৷ আদৰণি ভাষণ দিয়ে পূৱ সৰুপথাৰ গাঁও পঞ্চায়তৰ উপ-সভাপতি সৰ্বেশ্বৰ শইকীয়াই ৷

সভাত পূৰ্ণ ৰাজ খোৱা, বৰপথাৰ উইংগাৰ সন্থাৰ সভাপতি দিগন্ত গগৈ , সন্মিলিত মটৰ পৰিবহণ সন্থা গোলাঘাট জিলা সমিতিৰ সম্পাদক শৰৎ শইকীয়া , ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিকাশ বৰা, বে -চৰকাৰী বাছ মালিক সন্থা ধনশিৰিৰ সভাপতি দীপক শৰ্মা , উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ বৰবৰা, ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰতাপ গগৈয়ে বক্তব্য ৰাখে ৷

মুকলি সভাত গোলাঘাট জিলা আৰু ধনশিৰি মহকুমাৰ যাত্ৰীবাহী বিভিন্ন বাহন সন্থাৰ বিষয়ববীয়া সকল , বাছ মালিক সকল , উইংগাৰ -গ্ৰাম্য -মেজিক আদি যাত্ৰীবাহী বাহন সমূহৰ চালক-পৰিচালক তথা ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ৷ আজিৰ মুকলি সভাতেই মোবাৰক আলি আহমেদক সভাপতি, ভৰত উৰাঙক কাৰ্যকৰী সভাপতি , ৰমিজ আলিক উপ-সভাপতি, দিগন্ত বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে সন্মিলিত মটৰ পৰিবহণ সন্থা উৰিয়ামঘাট শাখা সমিতিখন গঠণ কৰা হয় ৷ সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই সৰ্বেশ্বৰ শইকীয়াই ৷