ডিজিটেল ডেস্কঃ সুধাকণ্ঠৰ এটা গীত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। 'কোন কলীয়াই যমুনা পাৰতে বজাই' শীৰ্ষক এই গীতটো ভূপেন হাজৰিকাই গাইছিল ১০ বছৰ বয়সতে। ১৯২৬চনৰ ৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাই প্ৰথম বাণীবদ্ধ কৰা গীত আছিল এইটো। তেতিয়া ভূপেন হাজৰিকাৰ বয়স আছিল মাত্ৰ ১০ বছৰ।
ধ্ৰুৱজ্যোতি ডেকা নামৰ এজন লোকে সংগ্ৰহ কৰি ৰাখিছিল এই গীতটি। শিশু ভূপেন হাজৰিকাৰ এই গীতটিয়ে এতিয়া তেওঁৰ গুণমুগ্ধৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। সেই কালজয়ী আৰু দুষ্প্ৰাপ্য গীতটিৰ বাণীবদ্ধ অংশ এয়া-