আজি ৮ ছেপ্তেম্বৰ, অসমৰ জাতীয় জীৱনৰ মহীৰূহ ড০ ভূপেন হাজৰিকা দেৱৰ জন্মদিন...

ড০ ভূপেন হাজৰিকা কেৱল এগৰাকী শিল্পী নহয়, অসমীয়াৰ আয়ুসৰেখা

author-image
Asomiya Pratidin
New Update
আজি ৮ ছেপ্তেম্বৰ, অসমৰ জাতীয় জীৱনৰ মহীৰূহ ড০ ভূপেন হাজৰিকা দেৱৰ জন্মদিন...

ডিজিটেল ডেস্ক : উত্তৰ আধুনিকতাবাদৰ প্ৰতি আগুৱাই যোৱা অসমে পাৰ কৰি আহিছে শিল্প ক্ষেত্ৰত এক সোণালী যুগ। যি যুগত ৰাজত্ব কৰিছিল ড০ ভূপেন হাজৰিকা দেৱে। যি সময়ত ভাৰতৰ আন ৰাজ্যসমূহে অসমক চিনি পাইছিল এশিঙীয়া গড়, চাহ পাত আৰু ড০ ভূপেন হাজৰিকা দেৱৰ কথাৰে। সেইগৰাকী শিল্পীৰ আজি জন্মদিন। সুদীৰ্ঘ কাল কেৱল অসমৰেই নহয় বৰং সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত জগতৰ নয়নমণি স্বৰূপ ভূপেন হাজৰিকা দেৱৰ স্থিৰ ছবি ও ২০১৬ চনত ভাৰতীয় ডাক টিকটত ছপা হৈছিল। ইয়াৰ পৰা অতি সহজেই অনুমান কৰিব পৰা যায় এই মহীৰূহজোপাৰ পৰিসৰ কিমান বিশাল।

Advertisment

সমগ্ৰ ৰাজ্যবাসীয়ে তেখেতক অশ্ৰু নয়নেৰে স্মৰণ কৰা সময়তেই ৰাতিপুৱাই অসম বাসীৰ মুখত হাহি বিৰিঙাই গ'ল আন এটা খবৰে। জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলে ব্যৱহাৰ কৰিল সুধাকন্ঠ গৰাকীৰ ডুডল নিজৰ ৱেবছাইটত।