/asomiyapratidin/media/media_files/2025/09/04/uuujjjjd-2025-09-04-10-06-39.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ বিগত প্ৰায় ২১ বছৰ ধৰি অসমীয়া প্ৰতিদিন কাকতৰ জৰিয়তে নিষ্ঠা আৰু সততাৰে সংবাদ সেৱা আগবঢ়াই অহা অসমীয়া প্ৰতিদিনৰ গহপুৰ সমজিলাৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞালৈ আগবঢ়োৱা হৈছে ২০২৪-২৫ বৰ্ষৰ আৰোহণ মিডিয়া বঁটা।
গুৱাহাটীৰ অন্যতম প্ৰতিষ্ঠিত সামাজিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজিত বিশেষ বঁটা প্ৰদান অনুষ্ঠানত অহা ৮ চেপ্তেম্বৰত এই বঁটা ৰাজহুৱা ভাবে প্ৰদান কৰা হ'ব সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাক।
নিৰ্ভীক, নিৰপেক্ষ আৰু আপোচহীনভাবে আগবঢ়াই অহা সংবাদ সেৱাৰ বাবে এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব তেওঁক।গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই বঁটা প্ৰদান অনুষ্ঠান।