আজি দাখিল কৰিব শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃ্ত্যুৰ প্ৰতিবেদন

আজি দাখিল কৰিব শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃ্ত্যুৰ প্ৰতিবেদন

ডিজিটেল সংবাদ, গুৱাহাটীঃ  আজি দাখিল কৰিব শ্বহীদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ তদন্ত প্ৰতিবেদন। বুলেট প্ৰুফ জেকেট ভেদ কৰি দক্ষ আৰক্ষী বিষয়াজনৰ বুকুত গুলী সোমোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ।

এই বিতৰ্কৰ পিছতে ৰাজ্য চৰকাৰে ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰে। তদন্তৰ দায়িত্ব অৰ্পণ কৰা তদন্তকাৰী বিষয়া সঞ্জয় কৃষ্ণই মুখ্য সচিবৰ হাতত আজি তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ৪ মে'ত তিনিচুকীয়া জিলাৰ বৰডুমচাত অালফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা। সেইদিনা দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজু পথাৰত প্ৰৱেশৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ তাৰ পিছতে যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দলসহ ঘেৰাও কৰে উক্তস্থান৷

সেই সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগে৷ ততাতৈয়াকৈ ভাস্কৰ কলিতাক ডিগবৈৰ অইল হস্পিতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাকে মৃত ঘোষণা কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in