প্ৰদৰ্শনীত উজলিল সুধাকণ্ঠ-জুবিন গাৰ্গৰ সৃ্ষ্টি

গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত ২৭ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়াকৈ 'ভাৰতমাতা পূজন' অনুষ্ঠিত হৈ যায়। 'প্ৰজ্ঞা'ৰ দ্বাৰা আয়োজিত 'ভাৰতমাতা পূজন'ৰ উদ্বোধনী অনুষ্ঠানত...

author-image
সংগীতা দাস
New Update
jfgkhkl

ডিজিটেল ডেস্ক: গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত ২৭ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়াকৈ 'ভাৰতমাতা পূজন' অনুষ্ঠিত হৈ যায়। 'প্ৰজ্ঞা'ৰ দ্বাৰা আয়োজিত 'ভাৰতমাতা পূজন'ৰ উদ্বোধনী অনুষ্ঠানত সনাতনী সংস্কৃতিৰ প্ৰচাৰক, উপাসক ডাঃ উমেশ চন্দ্র চক্রৱৰ্তীয়ে মুখ্য অতিথি হিচাপে অংশ লৈ বন্তি প্রজ্বলন কৰে ৷ এই অনুষ্ঠানত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষৰ সৈতে সংগতি ৰাখি 'মানুহে মানুহৰ বাবে' গীতটো সমদলীয় গীত হিচাপে ১০০ জনতকৈ অধিক শিল্পীয়ে পৰিবেশন কৰে ৷ সমান্তৰালভাৱে গুৱাহাটীৰ বাল্মীকি সংগীত বিদ্যালয়ৰ ১০০ গৰাকী কণ কণ শিল্পীয়ে সুধাকণ্ঠৰ গীত আৰু গীতৰ আধাৰত নৃত্য পৰিৱেশন কৰে ৷

উদ্বোধনী অনুষ্ঠানত অসমৰ প্ৰাণ জুবিন গাৰ্গক প্রতিও বিশেষ ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মুকলি সভাত নৃত্যাচাৰ্য যতীন গোস্বামী, অভিনেত্ৰী বীণা বাৰুৱাতী , সংগীত শিল্পী দিলীপ দাস, মল্লিকা কন্দলী, মীৰনন্দা বৰঠাকুৰ, দিগন্ত ভাৰতী, ধনদা পাঠক, প্ৰণীতা বৈশ্য মেধী, মালবিকা বৰা, নমিতা ভট্টাচাৰ্য, ভাস্বতী ভাৰতী, কনক মেধি, গোবিন্দ বৈশ্য, মালবিকা বৰা প্রমুখ্যে ভালেসংখ্যক শিল্পী-সাহিত্যিকে অংশগ্রহণ কৰে ৷ সেইদিনা  'প্রজ্ঞা'ৰ জিলা সমিতিৰ বিষয়ববীয়াৰ সৈতে এখন বৈঠকো অনুষ্ঠিত হয়। উল্লেখ্য যে, 'ভাৰতমাতা পূজন'ৰ পাঁচটা দিনৰ কার্য্যসূচীতে সন্ধিয়া জুবিন গাৰ্গ আৰু সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

bhndrtjtfgk

আনহাতে, 'গুৰু পূজন' কার্য্যসূচীৰ জৰিয়তে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা কমল কটকী, পৰমেশ্বৰ বসুমতাৰী, বিদ্যুত কুমাৰ ভূঞা, ৰমেন চৌধুৰী, অঞ্জু দেৱী, সূর্য্য গোস্বামী, মনীষা হাজৰিকা, পবন বৰদলৈ, জয়ন্ত গগৈক  সন্মানিত কৰা হয়। 'কন্যা পূজন' কার্যসূচীত ৬০ গৰাকী কন্যাক নীতি নিয়মৰে বৰন কৰি 'কন্যা পূজন' কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷

'মহীয়সী মাতৃ পূজন'ৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্রলৈ অৱদান আগবঢ়োৱা তথা কর্মৰে আদৰ্শ প্রতিষ্ঠা কৰাৰ লগতে গার্হস্থ্য জীৱনতো আদর্শ মাতৃ হিচাবে প্রতিষ্ঠা লাভ কৰা ড° কল্পনা বৰা, পুৰবী বৰা,  লিপিকা দত্ত, পিংকী হাজৰিকা, ড° ৰিতামনি বৈশ্য, মঞ্জু বৰা,  উর্না দত্ত,  সৰলা তালুকদাৰ, বন্দনা ডেকা আৰু নিলীমা বৰাক বিশেষভাৱে সম্মানিত কৰা হয়।

'ভাৰতমাতা পূজন' উপলক্ষে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। এই প্ৰদৰ্শনীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰ এক অৱলোকন, সনাতনী ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যময় অতীত প্ৰদৰ্শন কৰা হয়। প্রতিটো দিনত অসমৰ পৰম্পৰাগত পুতলা নাচো প্ৰদৰ্শন কৰা হয়।