
ডিজিটেল সংবাদ,উৰিয়ামঘাট : মানুহ আৰু মানুহৰ সত্তাৰ কাৰণে চিন্তা কৰি গুৰুজনাৰ আদৰ্শৰে সমাজ তথা যুৱসমাজক প্ৰভাম্বিত কৰি আধ্যাত্মিক ভাৱে সমাজক সুস্থ আৰু সৱল কৰা উদ্দেশ্যে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে সদৌ অসম ভিত্তীত ভাওঁনা প্ৰতিয়োগিতা।
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত উৰিয়ামঘাটৰ ১৪ নং আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমিতিৰ সৌজন্যত আৰু উৰিয়ামঘাটবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিয়ে অসম-নগালেণ্ডৰ সীমামুৰীয়া অঞ্চলটোত বিশেষ তাৎপৰ্য বহন কৰিছে।অসমৰ ভাওনাৰ জন্মমুহুৰ্তৰ পৰা আজিৰ ৰৌদ্ৰোজ্জ্বল এই পটভূমিত গুৰুজনাৰ আদৰ্শক বিশ্বমানসত প্ৰতিষ্ঠা কৰিবলৈ কৰা প্ৰয়াসক বৌদ্ধিক মহলে শলাগ লৈছ।
আয়োজিত ভাওনা প্ৰতিযোগিতা খন সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে উদযাপন সমিতিয়ে পূৰ্ণউদ্যোমে নিজৰ নিজৰ দায়িত্ব বহন কৰি কামত লগা পৰিলক্ষিত হৈছে।উল্লেখয়ে বিগত বৰ্ষত প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল যদিও কোভিড প্ৰতিকূলৰ বাবে অনুষ্ঠিত কৰিব পৰা নহ'ল। সেয়েহে চলিত বৰ্ষৰ চ'তৰ ৮ তাৰিখৰ পৰা ১২ চ'তলৈ অথাৎ ইংৰাজী ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চৰ লৈকে আনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰি প্ৰস্তুত হৈছে সমিতিয়ে ।
পাঁচ দিনীয়া কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ভালেকেইটি ভাওনাৰ দলে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।আনহাতে প্ৰতিযোগিতা খনিত অসমৰ ৰাইজৰ সহাৰি আৰু অংশগ্ৰহণৰ সুবিধাৰ্থে তলত উল্লেখিত দুৰভাষ নম্বৰ কেইটা প্ৰকাশ কৰিছে সমিতিয়ে ৯১১৬৬৬১০৩, ৭০৮৬৪৫৩৩২৮,৯৮৫৯৮৩২০৮৬,৮০১১৭১৫১৪১,৬৯০১০৮৭৪৮৭,৭৬৩৬৯৭৯৮৯৯ ।