মানৱহিতৈষী ভবেশ চন্দ্ৰ ফুকনৰ মৃত্যু, জিএমচিএইচত দেহদান

বিশিষ্ট বিষয়া মানৱহিতৈষী ভবেশ চন্দ্ৰ ফুকনৰ মৃত্যু, জিএমচিএইচত দেহদান

author-image
Asomiya Pratidin
New Update
 মানৱহিতৈষী ভবেশ চন্দ্ৰ ফুকনৰ মৃত্যু, জিএমচিএইচত দেহদান

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ সৰুমটৰিয়া নিৱাসী বিশিষ্ট বিষয়া মানৱহিতৈষী ভবেশ চন্দ্ৰ ফুকনে সোমবাৰে নিশা ১২-৩০ বজাত গুৱাহাটীৰ ডাউনটাউন হাচপাতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৫ বছৰ। তেখেতে পত্নী উষা ফুকন, এগৰাকী কন্যাৰ লগতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে।

Advertisment

গোলাঘাট জিলাৰ কঠিয়াতলী গাঁৱত ১৯৩৮ চনত জন্মগ্ৰহণ কৰা প্ৰয়াত ফুকনে গোলাঘাট আৰু শ্বিলঙত শিক্ষা লাভ কৰিছিল।এজন চৰকাৰী বিষয়া হিচাপে বহু ঠাইত চৰকাৰৰ বিভিন্ন পৰ্যায়ত কাৰ্যনিৰ্বাহ কৰি সুনাম অর্জন কৰিছিল আৰু শেষলৈ তেওঁ ৰাজ্যপালৰ সচিব পদলৈ উন্নীত হৈছিল।

মানৱতাবাদী আৰু বিজ্ঞানমনস্ক ভবেশ চন্দ্ৰ ফুকনৰ শেষ ইচ্ছা অনুসৰি ১৭ অক্টোবৰ, ২০২৩ তাৰিখে তেখেতৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দান কৰা হয়। এই ক্ষেত্ৰত পৰিয়ালৰ উদ্যোগ আছিল প্ৰশংসনীয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ প্ৰয়াত ভবেশ চন্দ্ৰ ফুকনৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ জয়দেব শৰ্মাই|

তেখেতৰ চমু ভাষণত ডাঃ শৰ্মাই প্ৰয়াত ভবেশ চন্দ্ৰ ফুকনে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে মৃত্যুৰ পিচতো মানব সেৱাৰ যি উদাহৰণ দাঙি ধৰিলে তাৰ শলাগ লয় আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰিয়ালৰ হৈ তেওঁৰ জীয়ৰী শ্ৰীমতী অৰুণিমা ফুকন যাদৱে কয় যে প্ৰয়াত ফুকনৰ জীৱনৰ প্ৰতি আছিল এক বৈজ্ঞানিক দৃষ্টিভংগী| লগতে তেওঁ কয়, প্ৰয়াত ভবেশ চন্দ্ৰ ফুকনৰ সমাজলৈ আগবঢ়োৱা জনহিতকৰ অৱদান শ্ৰদ্ধাৰে সুঁৱৰি তেখেত এক বিৰল আদৰ্শৱান ব্যক্তি আছিল|

মৰণোত্তৰ দেহদান অনুষ্ঠান পৰিচালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ যুটীয়া সম্পাদকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত এনাটমী বিভাগৰ অধ্যাপক / অধ্যাপিকাসহ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী, তেখেতৰ জোৱাই মেজৰ নৱনীত যাদৱ, তেজপুৰ চিকিৎসা মহাবিদ্যালযয়ৰ অধ্যাপিকা ডাঃ ৰূপালী বৰুৱা সমন্বিতে পৰিয়ালৰ অন্যান্য সদস্য, বহু বিশিষ্ট ব্যক্তি, ইলোৰা বিজ্ঞান মঞ্চৰ যুগ্ম সম্পাদক মনোজ ৰায়, কোষাধ্যক্ষ ড০ বাসুদেব দাস, প্ৰমুখ্যে মঞ্চৰ বহু কেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী মহান ব্যাক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক ভবেশ চন্দ্ৰ ফুকনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেখেতৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা।

Also Read: ফুলগুৰি ধেৱাঃ নগাঁৱৰ 'মানুহ পোৰা বিল' সাক্ষী ইংৰাজৰ অত্যাচাৰ আৰু কৃষকৰ প্ৰথম বিদ্ৰোহৰ