/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6b77c95e-532d-4a4c-8693-a01c909004eb/poetess.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ ভাষা,কাব্য, সাহিত্যৰ ক্ষেত্ৰ খনলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা নবীন প্ৰবীণ লেখিকা সকলক একেখন মঞ্চত উপৱিষ্ট কৰি গঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ঊনত্রিংশতিতম দ্বি-বার্ষিক অধিবেশনখন দেওবাৰে শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হৈ যায় ।
সমাৰোহ সমিতিৰ সভাপতি ডঃ চাৰু চহৰীয়া নাথৰ সভাপতিত্বত দেওবাৰে অনুষ্ঠিত অন্তিম দিনৰ মুকলি সভাৰ উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ গৱেষক নাহেন্দ্ৰ পাদুনে । বিশিষ্ট লেখিকা ড° কৰবী ডেকা হাজৰিকা,ডঃ জয়শ্ৰী বৰা আদি বহুকেইগৰাকী খ্যাতনামা সাহিত্যিকে অংশগ্ৰহণ কৰা মুকলি সভাত সমাৰোহ সমিতিয়ে ৰাজ্যিক ভিত্তিত আয়োজন কৰা কাব্য গ্ৰন্থ ,সংকলন আৰু একক কবিতা প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলক পুৰস্কৃত কৰে ।
সমাৰোহ সমিতিৰ আয়োজিত এই প্ৰতিযোগিতাত ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ দুগৰাকী প্ৰবীণ কাব্য সাধকে ৰাজ্যিক ভিত্তিক দুটা বঁটা আজুৰি আনিবলৈ সক্ষম হয় । ঢকুৱাখনাৰ প্ৰতিষ্ঠিত কবি ,বিশিষ্টা লেখিকা মৌচুমী হাতী বৰুৱাই 'পানীৰ আত্ম কথা' শীৰ্ষক কাব্য গ্ৰন্থৰ বাবে 'মুক্তা লতা দেৱী কবিতা সংকলন প্ৰতিযোগিতা'ত প্ৰথম স্থান লাভ কৰাৰ লগতে অন্য এগৰাকী কাব্য সাধক অপৰাজিতা বুঢ়াগোহাঁইয়ে তেওঁৰ 'শিলৰ পুৰাতন কাহিনী' শীৰ্ষক কবিতাৰ বাবে 'যমুনেশ্বৰ খাটনিয়াৰ স্মৃতি একক কবিতা প্ৰতিযোগিতা'ৰ দ্বিতীয় শ্ৰেষ্ঠ স্থান অর্জন কৰি স্মাৰক বঁটা লাভ কৰিবলৈ সক্ষম হয় । কবিতা সংকলন প্ৰতিযোগিতাত ৰাজ্যিক ভিত্তিত সৰ্বশ্ৰেষ্ঠ কাব্য সাধক হিচাবে নিৰ্বাচিত মৌচুমী হাতীবৰুৱাক সমাৰোহ সমিতিয়ে ফুলাম গামোচা , প্ৰশস্তি পত্ৰ আৰু স্মাৰক বঁটা প্ৰদানেৰে সন্মানিত কৰাৰ উপৰিও অন্য গৰাকী সু লেখিকা অপৰাজিতা বুঢ়াগোহাঁইকো স্মাৰক বঁটা ,গামোচা আৰু প্ৰশস্তি পত্ৰৰে মান্যতা প্ৰদান কৰে ।
ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ দুগৰাকীকৈ কাব্য সাধকে ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্রদর্শন কৰি স্মাৰক বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হোৱাত ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা নৱনীতা গগৈয়ে দুয়োগৰাকী লেখিকালৈ অভিনন্দন জনাইছে ।