বিধায়ক মৃণাল শইকীয়াৰ অভিনৱ পদক্ষেপ, 'শ্ৰেষ্ঠ পৰিস্কাৰ গাঁও আৰু শ্ৰেষ্ঠ পৰিস্কাৰ চাহ বাগিচা' প্ৰতিযোগিতা

বিধায়ক মৃণাল শইকীয়াৰ অভিনৱ পদক্ষেপ, 'শ্ৰেষ্ঠ পৰিস্কাৰ গাঁও আৰু শ্ৰেষ্ঠ পৰিস্কাৰ  চাহ বাগিচা' প্ৰতিযোগিতা

ডিজিটেল সংবাদ, গোলাঘাটঃ বিধায়ক মৃনাল শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপ। শুকুৰবাৰে উদ্বোধন কৰা হয় খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ ব্যতিক্ৰমী প্ৰতিযোগীতাৰ। কোনো সভা সমিতি নহয় বিধায়ক জনে নিজেই পৰিস্কাৰ কাৰ্যসূচী আৰম্ভ কৰি উদ্বোধন কৰিলে এই প্ৰতিযোগিতা।

ঐতিহাসিক ৰহঢলা পথাৰৰ পৰাই আৰম্ভ হয় এই প্ৰতিযোগিতা। উল্লেখযোগ্য যে 'খুমটাই লৈ যাও বলক' শীৰ্ষক কাৰ্যসূচীৰ সফলতাৰ পাছত এইবাৰ খুমটাই সমষ্টিত অনুষ্ঠিত হৈছে 'শ্ৰেষ্ঠ পৰিস্কাৰ গাঁও আৰু শ্ৰেষ্ঠ পৰিস্কাৰ চাহ বাগিচা' প্ৰতিযোগিতা।জানিব পৰা মতে আজিৰ পৰা ১৫ দিনলৈ চলিব এই প্ৰতিযোগিতা।

এইবাৰ সমাজৰ সকলো শ্ৰেণীৰ লোকক জড়িত কৰি খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ টা জিলা পৰিষদ এলেকাৰ অধীনস্থ ১৩২ খন ৰাজহ গাওঁ আৰু ২৪ খন চাহ বাগিচাৰ মাজত পৰিস্কাৰ পৰিচ্ছন্নতাৰ এক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সংবাদ মেলত এই কথা ঘোষণা কৰি তেওঁ কয় যে প্ৰথম পুৰস্কাৰ লাভ কৰা গাঁৱখত এক কিলোমিটাৰ গ্ৰাম্যপথ নিৰ্মাণ কৰা হ'ব।

সেইদৰে দ্বিতীয়,তৃতীয়,চৰ্তুথ আৰু পঞ্চম পুৰস্কাৰ প্ৰতিখন গাঁৱলৈ আগবঢ়োৱা হ'ব ক্ৰমে ১০ লাখ,৮লাখ,৫লাখ আৰু ৩ লাখ টকাৰ উন্নয়নমূলক আচঁনি আগবঢ়োৱা হ'ব। বিধায়কগৰাকীয়ে লগতে সদৰি কৰে যে সমষ্টিটোৰ ৪টা জিলা পৰিষদৰ প্ৰতিটো পৰিষদৰ অন্তৰ্গত ৫ খনকৈ গাঁৱলৈ মুঠ ২০ টা পুৰস্কাৰ আগবঢ়োৱা হ'ব।

সেইদৰে সমষ্টিটোৰ ২৪ খন চাহ বাগিছাৰ মাজতো পৃথকে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা বাগিছা খনে ৫ লাখ, দ্বিতীয় স্থান লাভ কৰা খনে ৩ লাখ আৰু তৃতীয় স্থান লাভ কৰা খনে ২ লাখ টকাৰ উন্নয়নমূলক আচঁনি লাভ কৰিব।

প্ৰতিযোগিতাৰ নিয়ম নীতি উল্লেখ কৰি বিধায়কজনে আজি কয় যে প্ৰতিখন গাঁৱ বা চাহ বাগিচাৰ বাট পথ ,নলা,নৰ্দমা পৰিস্কাৰ হোৱাৰ লগতে ৰাজহুৱা অনুষ্ঠান মানুহৰ বাৰী- ঘৰসমূহো পৰিস্কাৰ হ'ব লাগিব। গছ গছনী ৰোৱা আৰু প্ৰতিপালনৰ বিষয়টোতো গুৰুত্ব প্ৰদান কৰা হ'ব।

আজিৰে পৰা ১৬ ফেব্ৰুৱাৰীলৈকে গাওঁ আৰু চাহবাগিছা সমূহৰ পঞ্জীয়ন আৰু ১৭ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈকে পৰিস্কাৰণৰ সুবিধা দিয়া হ'ব আৰু ৭ মাৰ্চত বিচাৰক সকলে বন্ধ খামৰ ভিতৰত ফলাফল সমূহ জমা দিব। খুমটাই বিধান সভা সমষ্টিৰ বাহিৰৰ সংবাদ মাধ্যমৰ লোক, চৰকাৰী বিষয়া আৰু সমাজ সচেতন লোকক লৈ তিনি বা চাৰি জনীয়া বিচাৰকৰ দলসমূহ গঠন কৰা হ'ব বুলিও তেওঁ লগতে কয়।

তেওঁ আৰু ঘোষণা কৰে যে কোনোবা এটা নিৰ্দ্ধাৰিত দিনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খুমটাইত প্ৰতিটো জিলা পৰিষদলৈ আহি ফলাফল সমূহ ঘোষণা কৰিব। পুৰস্কাৰ সমূহ বিধায়কৰ পুজি আৰু অনিৰ্দ্ধাৰিত পুথিৰ পৰা প্ৰদান কৰা হ'ব বুলিও বিধায়ক জনে সংবাদ মেলত ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in