/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/1fobqzcq/bihali-bhupen-bora-24.jpg)
অসহায় ভূপেন বৰা! ক'লে- ৰাইজে সকলো দেখি আছে, মই কোৱাৰ প্ৰয়োজন নাই...
ডিজিটেল ডেস্কঃ বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ কংগ্ৰেছ দলৰ মাজত সৃষ্টি হোৱা উলম্ব বিভাজন এতিয়া আৰু অস্পষ্ট হৈ থকা নাই। সমষ্টিটোত কালি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই জয়ন্ত বৰাক দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে। অথচ এই সমষ্টিটো কংগ্ৰেছ আনুষ্ঠানিকভাৱে এৰি দিছিল মিত্ৰদলক।
ৰাজ্যত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী ৰাজনৈতিক দলেৰে গঠিত অসম সন্মিলিত মৰ্চাই ৫ সমষ্টিৰ ভিতৰত বিহালী সমষ্টিত বিৰোধীৰ এক উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল যদিও অৱশেষত কংগ্ৰেছেৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই সিদ্ধান্তক নস্যাত কৰাই নহয়, অসম প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্তকো গুৰুত্বহীন কৰিলে।
বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলিবলৈ সাজু হোৱা জয়ন্ত বৰাই এতিয়ালৈকে আনুষ্ঠানিকভাৱে যোগদানেই কৰা নাই কংগ্ৰেছত। অথচ তেওঁক দলটোৱে টিকট প্ৰদান কৰিলে। দলটোৰে সভাপতি ভূপেন বৰাই আজি পুৱাই সংবাদ মাধ্যমৰ আগত কোৱা মতে জয়ন্ত বৰাই পূৰ্বৰে পৰা দলটোত যোগদান কৰিবলৈ সাজু হৈ আছিল যদিও বিভিন্ন কাৰণত যোগদান কৰাব পৰা নাছিল। এতিয়া দলে তেওঁক প্ৰাৰ্থী দিয়াত আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব। ভূপেন বৰাই চামগুৰি সমষ্টিৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত থকাৰ বাবে জয়ন্ত বৰাক চামগুৰিতে যোগদান কৰাৰ কথা কৈছিল যদিও তেওঁ তেজপুৰতহে যোগদান কৰা আগ্ৰহ প্ৰকাশ কৰিছে বুলিও জনাইছে বৰাই।
ইফালে প্ৰাৰ্থী ঘোষণাৰ পূৰ্বৰে পৰা প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতৰ মাজে মাজে বিশ্বনাথ জিলা কংগ্ৰেছে কেইবাখনো সংবাদ মেল সম্বোধন কৰি জয়ন্ত বৰাৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰাই নহয় তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ৰাজহুৱা মুণ্ডন কৰিব বুলিও স্পষ্টকৈ ঘোষণা কৰিছিল। তাৰ পাছতো জয়ন্ত বৰাকেই প্ৰাৰ্থিত্ব দিয়াত এতিয়া বিশ্বনাথ কংগ্ৰেছেৰ ভূমিকা কি হ'ব সেয়াও হ'ব লক্ষ্যণীয়।
কংগ্ৰেছে জয়ন্ত বৰাক টিকট প্ৰদান কৰাৰ পাছত সভাপতি ভূপেন বৰা আৰু দলৰ একাংশ নেতাৰ লবীকেন্দ্ৰীক যুঁজখনো স্পষ্ট হৈছে। আজি সংবাদিকৰে হোৱা এক সাক্ষাতৰ সময়ত ভূপেন বৰাই তেওঁৰ অসহায় অৱস্থাৰ কথা স্বীকাৰ কৰি অসম সন্মিলিত মৰ্চালৈ এৰা ধৰাৰ মাজাৰে আগবাঢ়িবলৈ আহ্বান জনাইছে।
ইতিমধ্যে অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰাও পদত্যাগ কৰা বৰাই কয়, মই মনেৰে এৰা নাই, পৰিস্থিতিত পৰি লুৰীণজ্যোতি গগৈক কৈছো আপুনি সকলোকে ধৰি ৰাখক। আমি সকলোৱে অকনমান ধৈৰ্য ধৰো। ২৩ তাৰিখে গোটেই প্ৰক্ৰিয়াটো শেষ হ'ব। তাৰ পাছত আচল যুঁজখন আৰম্ভ হ'ব। আচল যুঁজখনত যাতে শেষত এনেকুৱা কোনো পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে আমি আগতীয়াকৈ, নৱেম্বৰ, ডিচেম্বৰৰ ভিতৰতে ২০২৬ ৰ নিৰ্বাচণৰ ৰণ কৌশল তৈয়াৰ কৰিম।
চি পি আই এম এলৰ বিবেক দাসৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত তেওঁ কয়, বহু পূৰ্বেই বিবেক দাসক মাতি আমি কৈছিলো সমষ্টিটো আপুনি এৰি দিয়ক মই নিৰ্বাচন খেলো। তেতিয়াও তেওঁ কৈছিল সমষ্টিটো এৰি নিদিয়াৰ কথা। সেয়ে ময়ো তেখেতসকলকে সমষ্টিটো এৰি দিবলৈ চেষ্টা কৰিছিলো। কিন্তু দল বুলি ক'লে অকল সভাপতিয়েই নহয়, দল সকলোৰে আলোচনা বিলোচনা, বুজাবুজিৰ মাধ্যমেৰে পৰিচালিত হয়। সভাপতিৰ মন্তব্য দিয়াৰ অধিকাৰ আছে। মই এতিয়াও অন্তঃকৰণেৰে বিচাৰো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত সকলো একেলগে থাকক। অসমৰ ৰাইজে সকলো দেখি আছে।
ইফালে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈয়ে লোৱা ভূমিকা আৰু ভূপেন বৰাৰ সৈতে তেওঁৰ সংঘাতৰ বিষয়ে কৰা এক প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয়, মই যিকোনো প্ৰকাৰে একতা ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলো। সেয়া সকলোৱে জানে। মোৰ দলৰ ভিতৰত, অসম সন্মিলিত মৰ্চাৰ ভিতৰতো সকলোৱে জানে। এতিয়া শেষত যি হৈছে সেয়া সকলোৱে দেখিছে। সকলো কথা মই মুখেৰে ক'ব লাগিব বুলি কোনো কথাই নাই। ৰাইজে সকলো দেখি আছে। ৩০ বছৰে মই দলক সেৱা কৰিছো। সদায়েই যে মই কলেই সব কথা হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। দল মানে এজন নহয়। কেন্দ্ৰীয় নেতৃত্বই যিহেতু এটা সিদ্ধান্ত লৈছে সেয়াও মোৰেই সিদ্ধান্ত।
Also Read: পল্টন বজাৰৰ হোটেলত খাদ্যৰ নামত বিক্ৰী হয় অখাদ্যঃ সত্য প্ৰমাণ অভিযোগ...