কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ গাৰ্জেন বাছ সমিতিৰ দ্বাৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ গাৰ্জেন বাছ সমিতিৰ দ্বাৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়
কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ গাৰ্জেন বাছ সমিতিৰ দ্বাৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

ডিজিটেল সংবাদ, বেবেজীয়া : শনিবাৰে ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ গাৰ্জেন বাছ সমিতিৰ দ্বাৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম আৰু দ্বাদশ ২০২২ বৰ্ষত শতকৰা আশীভাগতকৈ অধিক নম্বৰ লাভ কৰা বিশ্বদীপ মজুমদাৰ, দেৱজিৎ মিত্ৰ , অনুষ্কা নাথ, পৌচল ভট্টাচাৰ্য, নিহাৰিকা চৌধুৰী, মাৰ্ক হাজৰিকা, নন্দিকা স্বৰ্গীয়াৰী, কুসুম যৌশী, নৈনিকা স্বৰ্গীয়াৰী, সম্প্ৰীতি দে', শ্ৰীময়ী শ্ৰুতী দেৱ ৰয়, হিমাশ্ৰী বৰা, বিদীশা খাটনীয়াৰ, স্মৃতি বিশ্বাস , কৃষ্টি কংকণা তালুকদাৰ , হৰশীতা মেধী , জুৰি প্ৰিয়া বড়ো , সৃষ্টি দেৱ , শ্বাহিদ হ'ক , মৃগাংক বেজবৰুৱা , তনময় চক্ৰৱৰ্তী আদি ২১ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা , মানপত্ৰ আৰু কৃৰ্তিচিহ্ন আদিৰে সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধনা অনুষ্ঠানত ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাৱলীল বক্তৃতা প্ৰদান কৰে ৷

অনুষ্ঠানত ৰাষ্ট্ৰ সংঘৰ স্বীকৃতি প্ৰাপ্ত আন্তঃজাতিক মানৱ অধিকাৰ এম্বাছাদৰ সংস্থাৰ মহাসচিব ড. হৰেশ্বৰ শইকীয়া উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলকৰ কেৰিয়াৰ গাইডেন্স বিষয়ক মনোমোহা বক্তৃতা আগবঢ়ায় ৷

ছাত্ৰ-ছাত্ৰীসকলৰ "উই চেল অভাৰ কাম " সমবেত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত নৃত্য শিল্পী নীলাঞ্জনা বেজবৰুৱাৰ সত্ৰীয়া আৰু সৃষ্টিশীল নৃত্য আৰু জাৱাস্কী ভৰদ্বাজৰ আকৰ্ষণীয় কথক নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে ৷

আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক বিজয়ী যোগ খেলুৱৈ স্নেহশিখা দাস আৰু ত্ৰিদিপ কুমাৰ বৰ্মণৰ আৰ্টিষ্টিক একক আৰু দলীয় যোগ নৃত্যই উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷ অনুষ্ঠানত স্নেহ শিখা দাস আৰু ত্ৰিদিপ কুমাৰ বৰ্মণক যোগ পাৰদৰ্শী বঁটা আৰু নীলাঞ্জনা বেজবৰুৱা আৰু জাৱাস্কী ভৰদ্বাজক নৃত্য পাৰদৰ্শী বঁটা প্ৰদান কৰা হয় ।

গাৰ্জেন বাছ সমিতি উপদেষ্টা ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত সমিতিৰ উপদেষ্টা আৰু অধিবক্তা জীৱন জ্যোতি শৰ্মা আৰু জাহ্নৱী ভট্টাচাৰ্য , সমিতিৰ সভাপতি - সম্পাদক যথাক্ৰমে কমল কৃষ্ণ দাস আৰু দিগম্বৰ বৰ্মণৰ লগতে তিনি শতাধিক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠান অসমৰ জাতীয় সংগীতেৰে সামৰণি পৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in