/asomiyapratidin/media/media_files/2026/01/19/yhhhd-2026-01-19-22-56-17.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰক'লাৰ লালুং গাঁৱৰ প্ৰয়াত সুনীল বৰদলৈ আৰু মাতৃ মালতী বৰদলৈৰ দশম শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ কন্যা মৌচুমী বৰদলৈয়ে কালি নিশা আকস্মিক কৰুণ মৃত্যুক সাবটি ল'ব লগা ঘটনাই বৃহত্তৰ বৰক'লাত শোকৰ ছা পেলাইছে।
প্ৰাপ্ত তথ্য অনুসৰি বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী মৌচুমী বৰদলৈ কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি এই ৰোগতে চিকিৎসাহীন ভাৱেই ছাত্ৰী গৰাকীয়ে নিজ গৃহত আকস্মিক ভাবে অকাল মৃত্যুক সাবটি ল'ব লগা হয় ।
স্থানীয় লোকে আজি সংবাদ মাধ্যমক জনোৱা তথ্য অনুসৰি আৰ্থিক দৈন্যতাই জুৰুলা কৰা মৌচুমীয়ে পৰ্যাপ্ত চিকিৎসা মৃত্যুৰ সময়ৰলৈকে পোৱা নাছিল । যাৰ ফলত এগৰাকী প্ৰতিভাৱান ছাত্ৰীয়ে অকাল মৃত্যুক সাৱটিব লগা হ'ল । মৃত্যুৰ সময়ত ছাত্ৰী গৰাকীয়ে মাতৃ আৰু ভাতৃক এৰি গৈছে ।
উল্লেখ্য যে, ছাত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ বৰক'লা অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে অধ্যয়নৰত বিদ্যালয় বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ছাত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us