Advertisment

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৃতীয় বাৰ্ষিক সাধাৰণ সভাঃ গঠন হ’ব নতুন পৰিচালনা সমিতি…

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৃতীয় বাৰ্ষিক সাধাৰণ সভাঃ গঠন হ’ব নতুন পৰিচালনা সমিতি…

author-image
asomiyapratidin
New Update
শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তৃতীয় বাৰ্ষিক সাধাৰণ সভাঃ গঠন হ’ব নতুন পৰিচালনা সমিতি…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সৰ্বাংগীন উন্নয়ণ, প্ৰতিপালন আৰু সংৰক্ষণৰ লক্ষ্যেৰে গঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ত্ৰৈ বাৰ্ষিক সাধাৰণ সভাখন সংবিধানৰ ৩(গ) আৰু ৩(ঘ) ছেদ অনুসৰি ২৮ নৱেম্বৰ দেওবাৰ দিনৰ ১১ বজাৰ পৰা বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হ'ব। বৰগীত পৰিবেশন, সভাপতিৰ আসন গ্ৰহণ, সভাৰ উদেশ্যে ব্যখ্যা, শোক প্ৰস্তাব গ্ৰহন, বিগত বছৰৰ সাধাৰণ সভাৰ কাৰ্যবিবৰণী পাঠ, সম্পাদকীয় প্ৰতিবেদন পাঠ, গ্ৰহণ, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ, গ্ৰহণ, ২০২১-২২ বৰ্ষৰ বাজেট উত্থাপন, পুৰণি সমিতিৰ পদত্যাগ, নতুন সমিতি গঠন আদি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হবলগিয়া সাধাৰণ সভাখনিত সভাপতিত্ব কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° মৃণাল কুমাৰ বৰাই।

Advertisment

সভাত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত থকা সমিতিৰ সত্ৰীয়া, আজীৱন আৰু সাধাৰণ সদস্য সকল উপস্থিত থাকি সভাখনি সু-শৃঙ্খলিতভাৱে পৰিচালনাত সহায় সহযোগ কৰিবৰ বাবে সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আহ্বান জনাইছে। প্ৰকাশ থাকে যে শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সাংবিধানিক পৰম্পৰা অনুসৰি দেওবাৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ সভাপতিৰ দায়িত্বৰ কাৰ্য্যকাল অন্ত পৰাৰ লগে লগে বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই আগন্তুক কাৰ্য্যকালৰ বাবে সভাপতিৰ আসন অলংকৃত কৰিব।

নতুন সমিতি খনত এজন কাৰ্য্যকৰী সভাপতি, এজন সাধাৰণ সম্পাদক, দুজনকৈ সহকাৰী সম্পাদক, এজন কোষাধ্যক্ষ আৰু তিনিজন হিচাপ পৰীক্ষকক মনোনীত বা নিৰ্বাচিত কৰা হ'ব। সভাত সমিতিৰ ২০১৯-২০২১ বিত্তীয় বৰ্ষৰ আয় ব্যয়ৰ হিচাপ দাখিল কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থাান খনিক বিশ্ব ধৰ্মীয় ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে অসম চৰকাৰৰে ১৮৮ কোটি টকা ধনৰ আবন্টনত নিৰ্মাণ হ'বলগীয়া বৰদোৱা প্রকল্পৰ নিৰ্মাণ, বটদ্ৰৱাৰ প্ৰাচীন আপুৰুগীয়া সত্ৰীয়া গীত মাত সমূহৰ সংৰক্ষণ তথা প্ৰচাৰ প্ৰসাৰ আদি বিভিন্ন বিভিন্ন বিষয়ৰ চৰ্চা চলি থকা সময়ছোৱাতে অহা ২৮ নৱেম্বৰত আগন্তুক তিনি বছৰৰ বাবে গঠন হবলগিয়া এই নতুন পৰিচালনা সমিতিৰ বিষয়টো সম্প্ৰতি বটদ্ৰৱা তথা সমগ্ৰ নগাঁও জিলাতে বাৰুকৈয়ে চৰ্চিত হৈ পৰিছে।