বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন…

বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসমীয়া জাতীয় উৎসৱ তথা বাপতি সাহোন ভোগালী বিহুটি গুৰুজনাৰ জন্মস্থান বটদ্রৱাত সম্পূৰ্ণ স্বকীয় শৈলী তথা সত্রীয়া শৈলীৰ পৰম্পৰাগত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিহুৰ চাৰিদিন পূৰ্বৰ পৰা বটদ্রৱাৰ প্রতিঘৰ গৃহষ্ঠৰ চোতেলে চোতালে ৰাইজ সমবেত হৈ সমস্বৰে 'গৃহষ্ঠ সমন্ধে কুশলে উচ্চ বাকে বোলা হৰি..' বুলি হৰিধ্বনি দিয়া অনুপম পৰম্পৰাৰে প্রতিঘৰ গৃহস্থৰ পৰা দান বৰঙণি সংগ্রহ কৰে।

Advertisment

এই দান-বৰঙণিৰে এইবেলি শলগুৰি সত্রৰ ৰাইজে দৌল মন্দিৰৰ বাকৰিত আৰু নৰোৱা সত্রৰ ৰাইজে আকাশী গংগাৰ তীৰত ৰাজহুৱা ভেলাঘৰ সাজি সেই ভেলাঘৰতে উৰুকাৰ নিশা সমবেত হৈ মুচুকুণ্ড স্তুতিৰ 'মন ৰাম বোলা' শীৰ্ষক কীৰ্তন পৰিবেশন কৰে। শুক্ৰবাৰে বিহুৰ দিনা পুৱাই বটদ্রৱাবাসী ৰাইজে উক্ত ভেলাঘৰত সমবেত হৈ 'গ'ল কুঁজি গ'ল চন্দন পিন্ধাৱলৈ গ'ল…' শীৰ্ষক দিহা পৰিবেশন কৰাৰ অন্তত ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্রাৰ্থনা জনোৱা ঐতিহ্যময় কৃষ্টিৰে বৰদোৱাৰ ৰাইজে ভোগালী বিহুটি উদযাপন কৰে।

তাৰোপি বিহুৰ দিনাই সত্ৰৰ গৃহষ্ঠই সত্ৰাধিকাৰ প্ৰমুখ্যে থানৰ কেৱলীয়া ভকত-বৈষ্ণৱক ন-চাউল দি সেৱা লোৱা এক সুন্দৰ পৰিবেশ পৰিলক্ষিত হয়| বৈষ্ণৱক ন-চাউল দি সেৱা লোৱা এক সুন্দৰ পৰিবেশ পৰিলক্ষিত হয়| আনহাতে আজি পহিলা মাঘৰ দিনা পুৱাৰে পৰা আগমন ঘটা তীৰ্থযাত্ৰী সমাগমত বটদ্ৰৱা থানত এক উদুলি-মুদুলি পৰিবেশৰ সূচনা হয়|

বছৰটোৰ মংগলৰ নিমিত্তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণসকলে কীৰ্তনঘৰ, পদশিলা, দৌলমন্দিৰত বন্তি নৈৱেদ্য আগবঢ়াই সেৱা জনাই। ইফালে বটদ্ৰৱাৰ বালিসত্ৰ, কুজিসত্ৰ, নসত্ৰ, কৰচোং সত্ৰ, নৰোৱা ভেটিয়নী সত্ৰটো সত্ৰীয়া পৰম্পৰাৰে ভেলাঘৰ সাজি নাম প্ৰসঙ্গৰে মাঘ বিহু উদযাপন কৰে।