/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/12/batadrawa-news-face-gautam-hazarika-face-for-web-AP-no-ad-copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাওঁ জিলাৰ বটদ্ৰৱাৰ লালুংগাঁও, ধনীয়াভেটি অঞ্চলত একাংশলোকে অবৈধভাৱে ঘৰ সাজি বসবাস কৰি বস্তি স্থাপন কৰি অঞ্চলটোত লাভ জেহাদ , ধৰ্ষণ, হত্যা ইত্যাদি বিভিন্ন ধৰণৰ বেআইনী কাৰ্য্যকলাপ চলাই থকাৰ বিষয়ে বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ পিছত ২০১৮ চনৰ মাৰ্চ মাহত ইতিহাসৰ সৰ্বাধিক কালিমাসনা ৰাজ্য জোকাৰি যোৱা বটদ্ৰৱা ধৰ্ষণ কাণ্ডৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰিছিল এই ভূমিৰ পৰাই।
শেহতীয়াকৈ সেই ঠাইৰ পৰাই আন জঘন্য ঘটনা সংঘটিত হৈছে বটদ্ৰৱাৰ জনজাতীয় গাঁও গা-খজুৱাত। যাক কেন্দ্ৰ কৰি মঙলবাৰে জনজাতীয় বসতি প্ৰধান বটদ্ৰৱাৰ গা-খজুৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি এটি বিশেষ ধৰ্মীয় গোষ্ঠীৰ বিবাহিত এটা নৰপিশাচৰ পৈশাচিক কামনাৰ বলী হৈ অৱৈধ মাতৃত্বৰ বোজা ব'বলগীয়া হৈছে গা খজুৱাৰে নৱম শ্ৰেণীত পঢ়ি থকা এগৰাকী জনজাতীয় সম্প্ৰদায়ৰ নাৱালিকাই।
ঘটণাৰ বিৱৰণী মতে নাৰীৰ সতীত্ব ধ্বংস কৰাৰ দৰে জঘন্য অপৰাধ সংঘটিত কৰা যুৱকজনৰ নাম জেহিৰুল ইছলাম আৰু তেওঁ ইতিমধ্যে তিনিটাকৈ সন্তানৰ পিতৃ। তেওঁৰ ঘৰ ধনীয়াভেটিত বুলি জানিব পৰা গৈছে। স্থানীয় মহিলাই নাৱালিকা গৰাকীৰ মাতৃয়ে এই বিষয়ে জ্ঞাত বুলি অভিযোগ তুলি মাতৃকপ্ৰহাৰ কৰি শাস্তি দিয়াক লৈও পৰিস্থিতি কিছু সময়ৰ বাবে উত্তপ্ত হৈ পৰে। পিছত ঘটনাস্থলীত মিকিৰভেটা আৰক্ষী থানা আৰু বড়িবজাৰৰ আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে আৰু পৰিস্থিতি শান্ত কৰিবলৈ চেষ্ঠা কৰে।
একাংশ উত্তেজিত লোকে হাতে হাতে যাঠি জোং লৈ পাষণ্ড জেহিৰুলৰ পুখুৰীত থকা ঘৰটোত অগ্নি সংযোগ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইফালে নাৱালিকা গৰাকীক মঙলবাৰে পুৱাৰ ভাগতে পাষণ্ড জেহিৰুলে নিজ ঘৰৰ পৰা পলুৱাই লৈ যোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। প্ৰকাশ থাকে যে নাৱালিকা গৰাকীৰ পিতৃৰ এটা পুখুৰী ভাড়াত লৈ ঘৰ সাজি মাছ পালন কৰিছিল পাষণ্ড জেহিৰুলে।
সেই অচিলা লৈয়ে নাৱালিকা গৰাকী থকা ঘৰত সঘনে আহ যাহ কৰিছিল জেহিৰুলে। ইতিপূৰ্বে নাৰী জনিত কেইবাটাও অপৰাধৰ লগত জড়িত থকা বটদ্ৰৱা ধনীয়াভেটি লালুং গাঁৱৰ নৌ কেয়া আনহাতে ওৰফে( জেহিৰুল ইছলাম) নিজকে বিভিন্নজনৰ আগত হিন্দু যুৱকৰ পৰিচয় দি আহিছিল। বিভিন্ন সময়ত স্থানীয় বেদখলকাৰী মুছলমানৰ পৰা জনজাতীয় সম্প্ৰদায়ৰ লোক সকললৈ ভাবুকি কঢ়িয়াই আনিছে বুলি একাংশ সচেতন লোকে মত প্ৰকাশ কৰিছে।
উল্লেখ্য যে, বিগত ২০১৯ বৰ্ষৰ শেষৰ ফালেও গা খজুৱা জনজাতীয় গাওঁৰ দুগৰাকী বিবাহিত বোৱাৰীক দাতি কাষৰীয়া মুছলমান গাওঁৰ ফেৰীৱালাই পলুৱাই নি গোপনে বিবাহ পাশত আবদ্ধ কৰিবলৈ বাধ্য কৰিছিল। এনেধৰণে একাংশ লোকে ভয় ভাবুকিৰে মাটি বাৰী অবৈধভাৱে বেদখল কৰাৰ পিছত অসমীয়া জনজাতীয় নাৰীৰ সতীত্ব ধ্বংস কৰিবলৈ উদ্যত হোৱা ঘটণাই নাৰী সুৰক্ষাৰ ফোপোলা স্বৰূপটো উদঙাই দিয়া বুলিও স্থানীয় সচেতন মহলে মতপ্ৰকাশ কৰিছে।
আনহাতে, বটদ্ৰৱা থান পৰিচালনা সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনে অঞ্চলটোৰ জাতীয় জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত জনজাতীয় আবেষ্টনীৰ দাতি কাষৰীয়া জামাইবস্তি আৰু প্ৰাক্তন সৈনিকৰ নামত আবন্টিত বটদ্ৰৱাৰ বৃহৎ ভূ-খণ্ডৰ বেদখল মুকলি কৰাৰ দাবী জনাইছে।