/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/batadrawa-sss-college.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমপ্ৰান্তৰ অগ্ৰনী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয় খনিয়ে ইতিমধ্যে ২৫ বছৰতকৈ অধিক বৰ্ষ অতিক্ৰম কৰিছে। সেই গৌৰৱোজ্জ্বল ২৫ বছৰ অতিক্ৰম কৰা উপলক্ষে মহাবিদ্যালয়খনত বৰ্নাঢ্য কাৰ্যসূচীৰে হ'বলগীয়া ৰূপালী জয়ন্তী উদযাপনৰ সন্দৰ্ভত আজি প্রাক্তন শিক্ষাৰ্থী সন্মিলনীৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ পেক্ষাগৃহত বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি প্ৰাঞ্জল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত আগন্তুক জানুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া ৰূপালী জয়ন্তী সমাৰোহৰ প্রচাৰ, পুজি সংগ্রহ, সাংস্কৃতিক অনুষ্ঠান, মঞ্চ, প্ৰদৰ্শনী আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
বটদ্রৱা, আলিটাঙনী, কদমনি, ধূপগুৰি, কটহগুৰি, টুকটুকী, জামুগুৰি, সোনাইবেৰা, বাটমাৰী, জেঙনী, কাৱৈমাৰি, ভেৰভেৰী, ভোমোৰাগুৰি, ৰাইদঙীযা, কুজিসত্ৰ, হাতীজুজুৱা, হাইডুবী আদি বিভিন্ন ঠাইৰ শতাধিক প্রাক্তন শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত সভাই আগন্তুক জানুৱাৰী মাহত বৰ্নাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ বাবে সকলো স্থানীয় তথা দূৰদূৰণিৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহলৈ আমন্ত্ৰণ জনোৱাৰ লগতে সহায়-সহযোগিতা কামনা কৰে। সভাত মহাবিদ্যালয়খনৰ অধ্যাপক শ্বৰিফুল ইছলাম, মন্টু বৰা, ড০ প্ৰাঞ্জলী মহন্ত, কৰ্মচাৰী ৰাজেন শইকীয়া, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ সম্পাদক সঞ্জীৱ বৰা, প্ৰচাৰ সম্পাদক দিব্যজ্যোতি বৰুৱা, আশ্ৰাফুল হুছেইনকে আদি কৰি কেইবাগৰাকী লোকে ভাষণ প্ৰদান কৰে।