ডিজিটেল সংবাদ, বটদ্ৰৱাঃ একশৰণ নামধৰ্ম জনজাতি সমাজ, শ্ৰীমন্ত শংকৰ দেৱ প্ৰাথমিক শাখাৰ এখনি সভা সোমবাৰে বটদ্ৰৱাৰ সমীপৱৰ্তী হালধিআটি গাঁৱত অনুষ্ঠিত হয়। এক শৰণ নামধৰ্ম জনজাতি সমাজৰ, পূৱ আঞ্চলিকৰ সভাপতি প্ৰদীপ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত উদেশ্যে ব্যখ্যা কৰে যুগল দেউৰজাই।
একশৰণ নামধৰ্ম জনজাতি সমাজৰ প্ৰাক্তন পদাধিকাৰ টিকেন ডেকাৰজা, 'ভক্তিজ্যোতি' শীৰ্ষক পত্ৰিকা সম্পাদক সোনচিং পাটৰৰে ভাষন প্ৰদান কৰা সভাখনিত অহা ৮ আৰু ৯ জানুৱাৰীত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰ দেৱ প্ৰাথমিক শাখাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত শ্ৰীমন্ত শংকৰ দেৱ প্ৰাথমিক শাখাৰ সম্পাদক জিতু বৰদলৈ, সহকাৰী সম্পাদক ৰাজুমনি কোঁৱৰকে ধৰি অঞ্চলটোৰ ভকত বৈষ্ণৱ, আইমাতৄ সকল উপস্থিত থাকে।