/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/uncle-news-corona-india-vgggmuibbb3-copy.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সৌজন্যত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ক্ষুদ্র ধান বনা কল (Portable Rice mill)ৰ ব্যৱহাৰিক প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হয়। শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাত কাৰ্বি আংলং জিলাৰ কৃষি সজুলি ভাৰা দিয়া কেন্দ্ৰ আৰু নগাঁও জিলাৰ শংকৰ আজান এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ অৰ্ধশতাধিক ব্যক্তিয়ে হাতে-কামে প্ৰশিক্ষণ গ্ৰহণ কৰে।
প্ৰশিক্ষণ কৰ্মশালাটিৰ আৰম্ভণি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই 'ধান উৎপাদনত বিশেষ গুৰুত্বপূৰ্ণ জিলা হিচাপে চিহ্নিত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ কৃষক সকলে কম খৰচত, সুবিধাজনক স্থানত এই ক্ষুদ্র ধান বনা কল ব্যৱহাৰ কৰি উন্নত মানৰ চাউল পাব পাৰিব' বুলি মত পোষণ কৰে। সহকাৰী প্ৰকল্প বিষেশজ্ঞা বিদিশা বৰাই আঁত ধৰা কৰ্মশালাটিত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিষেশজ্ঞ স্বৰাজ জ্যোতি বৈশ্য, কাৰিকৰী বিষেশজ্ঞ কমলেশ্বৰ যাদৱ, জন্মেজয় বিচোৱাল, দেৱজিৎ ভূঞা আৰু দুৰ্লভ চন্দ্ৰ কলিতাই ক্ষুদ্র ধান বনা কলৰ ব্যৱহাৰ, মেৰামতি, যন্ত্ৰটোৰ ভিতৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আহিলা সমূহৰ পৰিচয়, পৰিচৰ্য্যাৰ ব্যৱহাৰিক জ্ঞানৰ হাতে-কামে প্ৰশিক্ষণ প্ৰদান কৰে।