বটদ্ৰৱা শলগুৰি সত্রৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তৰ উদ্যোগত গছ বিহু

বটদ্ৰৱা শলগুৰি সত্রৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তৰ উদ্যোগত গছ বিহু

author-image
asomiyapratidin
New Update
বটদ্ৰৱা শলগুৰি সত্রৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তৰ উদ্যোগত গছ বিহু

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বাপতিসাহোন ৰঙালী বিহুৰ আজি গছ বিহু। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত শলগুৰি সত্রৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তৰ উদ্যোগত শুকুৰবাৰে বটদ্ৰৱা আৰক্ষী থানাত গছ পুলি ৰোপন কৰাৰ লগতে আৰক্ষী বিষয়া আৰু জোৱান সকলক বিহুৰ শুভেচ্ছা স্বৰূপে বিহুৱান প্ৰদান কৰা হয়।

গছ থাকিলেহে মানুহ থাকিব তথা গছপুলি ৰোপনেৰে প্ৰকৃতিৰ ভাৰাসাম্য ৰক্ষা কৰাৰ উদ্দেশ্যত শুকুৰবাৰে গছ বিহু উদযাপন কৰা হয়। কোৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত এইবাৰ বিহু অনুষ্ঠান অনুষ্ঠিত হোৱা নাই বটদ্ৰৱাত।

তথাপিও অনুষ্টুপীয়াকে সত্ৰাধিকাৰ গৰাকীৰ প্ৰচেষ্টাত গুৰুজনাক স্মৰণ কৰি এটি গছ পুলি ৰোপন কৰি এনেদৰে জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষী আৰু সাংবাদিক সকলক বিহুৱান প্ৰদান কৰা কৰা কাৰ্য্যত বিভিন্ন জনে শলাগ লৈছে।