/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/c2e08f41-51d0-4ea4-bae0-29164ddac719.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: কোৰোনা ভাইৰাছৰ আতংকৰ বাবে লকডাউনৰ সময়চোৱাত নিজৰ ঘৰত আবদ্ধ হৈ থকাৰ বাবে খাদ্যৰ নাটনি হোৱা শতাধিক পৰিয়ালক শনিবাৰে বটদ্ৰৱাৰ মুকলি নসত্ৰৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে সহায়ৰ হাত আগবঢ়ায়।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুকলি নসত্ৰৰ শতাধিক পৰিয়ালৰ মাজত কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে চাউল, দালি, আলু, মিঠাতেল, পিয়াজ, নিমখ, চেনী, চাহপাত, কনী, চাবোন আটা আদি অত্যাৱশকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/fd79b189-6d9a-4287-84f1-0513938675b0-1024x567.jpg)
ইফালে বটদ্ৰৱা সমষ্টিৰ হালধিআটী গাঁৱৰ ৰাজেন কোঁৱৰ, প্ৰভাত কোঁৱৰ, কুশল কোঁৱৰ, নৰকান্ত কোঁৱৰ, নৰেশ্বৰ বৰদলৈ, উপানন্দৰ বৰদলৈকে প্ৰমুখ্য কৰি গাঁওখনৰ কৰ্মচাৰী সকলৰ উদ্যোগত অনুৰাধা গ্ৰাম্য সংঘৰ সহযোগত ২০০ টাকৈ দৰিদ্ৰ পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিশেষকৈ চাউল, দালি, মিঠাতেল, নিমখ বিস্কুট, আলু, পিয়াজ, চাবোন আদি প্ৰদান কৰে।