/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ ভোমোৰাগুৰি গাওঁ পঞ্চায়তৰ ভোটগণনা ইতিমধ্যে সম্পন্ন হৈছে৷ ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছৰ হাতলৈ গৈছে পঞ্চায়তটো৷ বটদ্ৰৱা উন্নয়ন খণ্ডৰ বটদ্ৰৱা জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰি পঞ্চায়তত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুগৰাকী বিজয়ী হ'বলৈ সক্ষম হৈছে৷ পঞ্চায়তটোত অসম গণ পৰিষদ দলৰ ফজলুল হকে ১৫৫৬টা ভোট লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতিপদৰ প্ৰাৰ্থী গুলজাৰ হুছেইনে লাভ কৰিছে ১৭২৮টা ভোট।
ইফালে, আঞ্চলিক পঞ্চায়ত সদস্য পদত কংগ্ৰেছ দলৰ বিউটী বৰদলৈয়ে ৬০০টা ভোটৰ ব্যৱধানত অগপ দলৰ প্ৰাৰ্থীক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে৷ ভোমাৰাগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে ৫, এআইইউডিএফে ৩, অগপই ১ আৰু নিৰ্দলীয়ই ১টা ৱাৰ্ড দখল কৰে৷