উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী লুকুমনি ভূঞাক বিদায় সম্বৰ্ধনা

দুটা দশক ধৰি ৰাইডঙীয়াৰ কৰচুঙৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ লোৱা লুকু মনি ভূঞাক বুধবাৰে অৱসৰ লোৱা দিনটোতে শিক্ষানুষ্ঠানৰখনৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয় ৷

author-image
Asomiya Pratidin
New Update
উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী লুকুমনি ভূঞাক বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ, বটদ্ৰৱা: দুটা দশক ধৰি ৰাইডঙীয়াৰ কৰচুঙৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি অৱসৰ লোৱা লুকু মনি ভূঞাক বুধবাৰে অৱসৰ লোৱা দিনটোতে শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ পুৱা তেওঁ বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে বিদ্যালয়ৰ প্ৰৱেশ তোৰণৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী সমন্বিতে ছাত্ৰ-ছাত্ৰী সকলে কৃৰ্তী শিক্ষয়িত্ৰী গৰাকীক ফুল চতিয়াই বিদ্যালয়লৈ আদৰি আনে ৷

Advertisment

ইয়াৰ পাছতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতি ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত বিদায় সভাত অৱসৰী শিক্ষয়িত্ৰী লুকুমনি ভূঞাক বিদ্যালয়ৰ তৰফৰ পৰা শৰাই , গামোচা , ধৰ্মগ্ৰন্থ , জাপি , এযোৰ মূগাৰ সাজ আৰু এখন সম্বৰ্ধনা পত্ৰৰে উষ্ম বিদায়ী জনোৱা হয়৷ সভাত বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি গুনাৰাম বৰা , শিক্ষক প্ৰমোদ বৰা , পূৰৱী পাঠক , গিৰিধাৰীলাল আগৰৱালা ,পল্লৱী শইকীয়া , সঞ্জয় বৰা, মামনি শইকীয়া আদিয়ে লুকুমনি ভূঞাৰ সান্নিধ্যৰ উমাল স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে৷ শিক্ষয়িত্ৰী দিপান্বিতা গোস্বামীয়ে সুমধুৰ গীত পৰিবেশন কৰি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

সভাত বিদ্যালয়ৰ সহশিক্ষক নৱজ্যোতি মহন্ত , বুবুল চন্দ্ৰ কলিতা লগতে অৰুন ৰাজা , বীৰেন শইকীয়া আদি কৰ্মচাৰীসকল উপস্থিত থাকে। অৱসৰী শিক্ষয়িত্ৰী লুকুমনি ভূঞাই নিজৰ বক্তব্যত বিদ্যালয়খনিৰ সৈতে দুই দশক জোৰা সম্পৰ্কৰ এনাজৰী ডালৰ কথা কৈ নষ্টালজিক হৈ পৰে৷ সভাপতি আসনৰ পৰা বিদ্যালয় প্ৰধান জ্যোতি ভূঞাই কয় যে চাকৰি জীৱনত সকলোৱে এদিন অৱসৰ লবই লাগিব।

কিন্তু সেয়া আনুষ্ঠানিক বিদায়হে৷ অসৱৰী শিক্ষয়িত্ৰী লুকুমনি ভূঞা সদায় বিদ্যালয়ৰ শিক্ষক সমাজ আৰু ছাত্ৰছাত্ৰীসকলৰ মাজত শ্ৰদ্ধাৰ পাত্ৰ হৈ জিলিকি থাকিব। উল্লেখ্য যে আজিৰ সভাতে বিদ্যালয়ৰ চাৰিগৰাকী কৃৰ্তী ছাত্ৰছাত্ৰীক বিদ্যালয়ৰ শিক্ষক প্ৰমোদ বৰা আৰু দিপান্বিতা গোস্বামীৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

আৰু পঢ়ক; চৰাইদেউত স্বৰ্গদেউৰ বিননি! বৰ অসমৰ ভেঁটি গঢ়োতা জনৰ মৈদাম বেদখলৰ কবলত

assam teacher