/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/28092890-5e41-4edb-9e83-050a6e313afc/tttttt.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি ঘোষণা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। নগাঁও জিলাৰ বটদ্ৰৱাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ এশ শতাংশই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অভিলেখ সৃষ্টি কৰে। শিক্ষানুষ্ঠান খনৰ পৰা দুগৰাকী ডিষ্টিংচন, দুগৰাকী ষ্টাৰ সহ ৫ গৰাকীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে।
ইফালে ৰাইডঙীয়া শংকৰদেৱৰ শিশু নিকেতনৰ এশ শতাংশ উৰ্ত্তীণৰ ফলাফলত অঞ্চলটোত সকলোৱে আনন্দ প্ৰকাশ কৰিছে।
নিকেতন খনৰ পৰা এইবেলি ১৭ গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ত্ৰিদিপ বৰা আৰু তৃষ্ণাশ্ৰী বৰাই ডিষ্টিংচনৰ লগতে ৬ জন ষ্টাৰৰ সৈতে ১৪ জন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত তিনিজন উৰ্ত্তীণ হয়।
উল্লেখ্য যে, ত্ৰিদিপ বৰাই ঐচ্ছিক গনিতত ১০০ নম্বৰ লাভ কৰিছে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান খনৰ এই সাফল্যত অঞ্চলবাসীয়ে প্ৰসংশা কৰিছে। ইয়াৰোপৰি বটদ্ৰৱা শংকৰদেৱৰ শিশু নিকেতন আৰু জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ পৰাও এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিছে।